ভাৰতে কি ঘূৰাই পালে আমেৰিকাৰ পৰা !

DY365
DY365
Published: September 23,2024 11:52 AM
DY365

Story highlights

প্ৰাচীন সামগ্ৰীসমূহ কেৱল ঐতিহাসিক গুৰুত্বই নহয়, সভ্য়তা আৰু চেতনাৰ বাহকো

ছেপ্টেম্বৰ ২৩,২০২৪: আমেৰিকাই ঘূৰাই দিলে ভাৰতৰ প্ৰাচীন সম্পত্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত ৩০০ টা প্ৰাচীন ভাৰতীয় সামগ্ৰী ঘূৰি আহিছে ভাৰতলৈ। কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বাসগৃহত মোদীৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ২৯৭টা প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ প্ৰতীক হস্তান্তৰ কৰা হয়।



ৰাষ্ট্ৰপতি বাইডেনক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ এক্স-হেণ্ডলৰ যোগে প্ৰকাশ কৰে যে, ভাৰতলৈ ২৯৭টা মূল্যবান প্ৰাচীন সামগ্ৰী ঘূৰাই দিয়াৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু আমেৰিকা চৰকাৰৰ ওচৰত অতিশয় কৃতজ্ঞ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত অনুসৰি "এই প্ৰাচীন সামগ্ৰীসমূহ কেৱল ঐতিহাসিক গুৰুত্বই নহয়, সভ্য়তা আৰু চেতনাৰ বাহকো।"



মন্ত্ৰালয়ে  লগতে জনাই যে, এই সামগ্ৰীসমূহ প্ৰায় চাৰি হাজৰ পুৰণি। ইয়াৰে অধিকাংশই পূব ভাৰতৰ তেৰাকোটা শিল্পকৰ্ম। ইয়াৰ উপৰিও শিল, ধাতু, কাঠ আৰু হাতীঁদাতেৰে নিৰ্মিত সামগ্ৰী আছে, যি বোৰে ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰা কঢ়িয়াই লৈ ফুৰে। উদ্ধাৰ হোৱা সামগ্ৰী সমুহৰ ভিতৰত, শিলেৰে নিৰ্মিত অপ্সৰা, পোন্ধৰ-ষোড়শ শতিকাৰ এজন জৈন তীৰ্থাংকৰৰ ব্ৰঞ্জৰ মূৰ্তি, তৃতীয়-চতুৰ্থ শতিকাৰ টেৰাকোটা ফুলদানি লগতে ভগৱান গনেশৰ ব্ৰঞ্জৰ মূৰ্তি, ভাৰতত নিৰ্মিত গৌতম বুদ্ধ মূৰ্তি, ব্ৰঞ্জৰ বিষ্ণুৰ মূৰ্তি। পুৰাতত্ববিদসকলৰ মতে ইয়াক ১৭ পৰা ১৮ শকিকাৰ মাজৰ কোনোবা সময়ত নিৰ্মাণ কৰা হৈছিল।



উল্লেখ্য যে মোদী শাসনৰ ১০ বছৰত ভাৰতে বহিঃৰাষ্ট্ৰৰ পৰা মুঠ ৬৪০টা প্ৰাচীন সামগ্ৰী ঘূৰাই পাইছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কালি বাইডেনক উপহাৰ হিচাপে ৰূপেৰে নিৰ্মিত ভাৰতীয় ৰে'লৱেৰ ভাপ ইঞ্জিনৰ এটা ক্ষুদ্ৰ সংস্কৰণ উপহাৰ দিয়ে। বাইডেনৰ পত্নীক কাশ্মীৰত তৈয়াৰি এখন চাদৰ উপহাৰ দিয়ে।


TWITTER

FACEBOOK