২৭ জানুৱাৰী ২০২৫- আহি গ'ল UCC! বহু বিবাহকে ধৰি সলনি হ'ব কেইবাটাও নিয়ম
আজি উত্তৰাখণ্ডত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ চমুকৈ UCC। UCC ৰূপায়ণ কৰা স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে উত্তৰাখণ্ড। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘোষণা কৰে যে আইনখনৰ বাবে নিয়মাৱলী অনুমোদন আৰু সংশ্লিষ্ট বিষয়াক প্ৰশিক্ষণ দিয়াকে ধৰি সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।
UCCৰ লক্ষ্য হৈছে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত সম অধিকাৰ নিশ্চিত কৰা। সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব এই UCC আইন। বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, দত্তক লোৱা বিষয়বোৰ নিয়ন্ত্ৰণ কৰিব এই আইনখনে। UCC অহাৰ লগে লগে উত্তৰাখণ্ডত বিবাহ আৰু লিভ-ইন সম্পৰ্কীয় পঞ্জীয়ন বাধ্যতামূলক হ’ব। যদি কোনোবাই লিভ-ইন সম্পৰ্কীয় পঞ্জীয়ন নকৰে তেনেহলে পঞ্জীয়ন নকৰাজনে ৩ মাহ জে’লত থকাৰ লগতে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। আনহাতে পঞ্জীয়ন নকৰাকৈ কোনোবাই বিবাহপাশত আৱদ্ধ হলে ২৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আনহাতে বহু বিবাহৰ ক্ষেত্ৰতো UCCয়ে সলনি কৰিছে নিয়ম। সকলো ধৰ্মতে বহু বিবাহ আৰু হালালা নিষিদ্ধ কৰিব UCCয়ে।
উল্লেখ্য যে ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উত্তৰাখণ্ডৰ বিজেপি পাৰ্টিৰ এক বৃহৎ প্ৰতিশ্ৰুতি আছিল UCC ৰূপায়ণ। UCC আইন ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিয়ে বিজেপি দলৰ ঐতিহাসিক বিজয়ত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। কাৰণ ২০০০ চনৰ পৰা ৰাজ্যখনত কোনো দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিব পৰা নাছিল। যিটো নীতি সলনি কৰি বিজেপি দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে উত্তৰাখণ্ডৰ শাসনৰ গাদীত বহিবলৈ সক্ষম হৈছিল।