২৭ নৱেম্বৰ,২০২৪- ৰাজপথৰ কুকুৰৰ বাবে আহি গ'ল SOP
চহৰৰ পৰা গাঁৱলৈকে সকলোতে কুকুৰ উপলব্ধ। ৰাজপথৰ কুকুৰবিলাকে কেতিয়া খাদ্য খাব আৰু কোনোবাই খাদ্যৰ যোগান ধৰিলে কি কি খাদ্য দিব পাৰিব, ইয়াৰ বাবে SOP প্ৰস্তুত কৰা হৈছে। যিহেতু ৰাজপথৰ কুকুৰবোৰে কোনোবাই দিয়া খাদ্যৰ ওপৰতহে জীয়াই থাকিব লাগে, গতিকে এই কুকুৰবোৰৰ বাবে পশ্চিমবংগৰ চৰকাৰে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ৰাজপথত থকা কুকুৰবোৰক চকলেট, গাখীৰৰ দৰে খাদ্য, পিয়াঁজ-হালধি, মিঠা বা জলপানৰ দৰে খাদ্য, নিচাজাতীয় দ্ৰৱ্য আদি খাদ্য সামগ্ৰী দিব নোৱাৰিব, লগতে পুৱা ৭ বজাৰ আগতে আৰু সন্ধিয়া ৭ বজাৰ পিছতহে খাদ্য যোগান ধৰিব পাৰিব। ইয়াৰ বাবে দুঘণ্টা সময় আবণ্টন দিয়া হ’ব। আনহাতে কুকুৰক খাদ্য দিয়া লোকসকলক সেই ঠাই চাফা কৰিবলৈও পৰামৰ্শ দিয়া হৈছে SOPত। আকৌ নিৰ্দিষ্ট স্থানৰ বাহিৰত খাদ্য পৰিবেশন নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
লগতে কোৱা হৈছে যে সকলো পৌৰসভাই এই SOP সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এক অভিযান চলাব লাগে। প্ৰসংগক্ৰমে দক্ষিণ ২৪ পৰগনা জিলাৰ জয়নগৰ অঞ্চলত পোহনীয়া জন্তুক খাদ্য দিয়াৰ বাবে এজন ব্যক্তিয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত গোচৰো ৰুজু কৰা হৈছিল। আজি ন্যায়াধীশ তীৰ্থংকৰ ঘোষৰ বিচাৰপীঠত পৌৰসভাই এই SOPৰ বিষয়ে অৱগত কৰে।