ছেপ্টেম্বৰ ১৬,২০২৪: নিপা ভাইৰাছৰ সংক্ৰামণত দেশত দ্বিতীয় গৰাকী ৰোগীৰ মৃত্যু। কেৰালাত পুনৰ বিয়পি পৰিল নিপা ভাইৰাছৰ আশংকা। মালাপ্পুৰমত নিপাহ সংক্ৰামণত এজন ২৪ বছৰীয়া যুৱকৰ মৃত্য়ু। দেওবাৰে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ'লজীয়ে ঘোষনা কৰে এই খবৰ। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কেইবাদিনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বক্তিজনৰ অৱশেষত মৃত্যু হয়।
মৃত যুৱকজনে শিক্ষাৰ সুত্ৰে বেঙ্গালুৰুত বাস কৰিছিল। শেহতীয়াকৈ তেওঁক এনকেফেলাইটিছৰ লক্ষণৰ বাবে মালাপ্পুৰম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ অৱস্থা পৰিৱৰ্তন নহ'ল।অৱশেষত তেওঁৰ ৯ ছেপ্তেম্বৰৰ দিনা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। তেওঁৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে কোজিকোডৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ভাইৰ'লজি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয় , য'ত তেওঁৰ শৰীৰত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে সংবাদ মাধ্যমৰ আগত কয় যে, এন আই ভিয়ে যুৱকজনৰ সংক্ৰমনৰ কথা নিশ্চিত কৰে আৰু মালাপ্পুৰমৰ বাসিন্দা সকলক সাৱধান হ'বলৈ পৰামৰ্শ দিয়ে। সকলো পদক্ষেপ প্ৰট'কল অনুসৰি লোৱা হ'ব লগতে নিপাৰ সংক্ৰমণ ৰোধৰ বাবেও ১৬খন কমিটি গঠন কৰা হৈছে। লগতে তেওঁ জনাই যে যুৱকজনৰ সংস্পশৰ্লৈ অহা ৩ জন লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই প্ৰৰ্যন্ত কেৰালাত নিপা ভাইৰাছত ৫ জন আক্ৰান্ত ৰোগী ধৰা পৰে।