২৭ জানুৱাৰী ২০২৫- ভাৰতৰ একমাত্ৰ অঞ্চল, য'ত কুকুৰ পোৱা নাযায়
দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে কুকুৰ পোৱা যায় যদিও ভাৰততে এনেকুৱা এটা অঞ্চল আছে য'ত কুকুৰ পোৱা নাযায়। আপোনালোকে পঢ়ি আচৰিত হলেও লক্ষদ্বীপ হৈছে ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল য'ত কুকুৰ পোৱা নাযায়। চৰকাৰে সকলো ধৰণৰ কুকুৰক নিষেধাজ্ঞা আৰোপ কৰিছে লক্ষদ্বীপত। আনহাতে লক্ষদ্বীপলৈ অহা পৰ্যটককো লগত কুকুৰ লৈ আহিবলৈ দিয়া নহয়।
৩৬টা সৰু সৰু দ্বীপেৰে গঠিত লক্ষদ্বীপ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল। লক্ষদ্বীপৰ মুঠ জনসংখ্যা প্ৰায় ৬৪০০০। মুঠ ৩২ বৰ্গ কিলোমিটাৰত বিস্তৃত লক্ষদ্বীপৰ ৯৬ শতাংশ জনসংখ্যা মুছলমান। বাকী ৪ শতাংশ লোক হিন্দু, বৌদ্ধ আদি ধৰ্মৰ।
লক্ষদ্বীপত ৩৬টা দ্বীপ থাকিলেও ইয়াৰে মাত্ৰ ১০টাহে জনবসতি, অৰ্থাৎ ইয়াত মানুহ বাস কৰে। ইয়াৰে কাভাৰট্টি, আগট্টি, আমিনি, কদমত, কিলাটান, চেতলাট, বিত্ৰা, আন্দোহ, কল্পনা আৰু মিনিকয় দ্বীপপুঞ্জত মানুহে বাস কৰে। তাৰ ভিতৰত বহুকেইটা দ্বীপত বাস কৰা লোকৰ সংখ্যা ১০০ জনতকৈও কম।
লক্ষদ্বীপ প্ৰশাসনে অঞ্চলটোক কুকুৰ মুক্ত কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমানপৰ্যন্ত লক্ষদ্বীপত এটাও কুকুৰ দেখিবলৈ পোৱা নাযায়।