বিশ্বৰ সৰ্বাধিক শিক্ষিত দেশসমূহ ! য'ত স্থান নাই ভাৰতৰ
বহুতে ভাবে যে বিশ্বৰ আটাইতকৈ শিক্ষিত দেশৰ তালিকাত আমেৰিকা বা ইংলেণ্ড শীৰ্ষস্থানত আছে। কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনখন দেশ সৰ্বাধিক শিক্ষিত? অৰ্গেনাইজেচন ফৰ ইকনমিক ক’অপাৰেশ্যন এণ্ড ডেভেলপমেণ্টে প্ৰকাশ কৰা শিক্ষাৰ প্ৰতিবেদন অনুসৰি কানাডা হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ শিক্ষিত দেশ। কানাডাৰ ৫৯.৯৬ শতাংশ লোকেই শিক্ষিত। আনহাতে সৰ্বাধিক শিক্ষিত দেশৰ তালিকাত দ্বিতীয় স্থানত আছে জাপান। জাপানৰ ৫২.৬৮ শতাংশ লোক শিক্ষিত। শিক্ষিত দেশৰ তালিকাত তৃতীয় স্থানত আছে লাক্সেমবাৰ্গ। আনহাতে দক্ষিণ কোৰিয়া আৰু ইজৰাইল বিশ্বৰ সৰ্বাধিক শিক্ষিত দেশৰ তালিকাত চতুৰ্থ আৰু পঞ্চম স্থানত আছে। বিশ্বৰ আটাইতকৈ শিক্ষিত দেশৰ তালিকাত আমেৰিকা ষষ্ঠ স্থানত থকাৰ বিপৰীতে ব্ৰিটেইনৰ স্থান হৈছে সপ্তম। লগতে আয়াৰলেণ্ডে বিশ্বৰ সৰ্বাধিক শিক্ষিত দেশৰ তালিকাত ৮ম স্থান স্থান লাভ কৰিছে।
কিন্তু বিশ্বৰ শীৰ্ষ দহখন শিক্ষিত দেশৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলে আমাৰ দেশ ভাৰতে। OECD ৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় জনসংখ্যাৰ মাত্ৰ ২০.৪ শতাংশইহে কলেজ বা বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰি পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। কেইবাবছৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ শিক্ষা সম্পৰ্কীয় প্ৰতিবেদনত দেখা গৈছিল যে ভাৰতৰ প্ৰায় ৭ খন ৰাজ্যৰ শিক্ষাৰ হাৰ যথেষ্ট দুখজনক। কিন্তু ইয়াৰ বিপৰীতে শিক্ষিত ৰাজ্যৰ ক্ষেত্ৰত কেৰালা প্ৰথম স্থানত আছে।