দেশৰ স্বাস্থ্যখণ্ডৰ সফলতা, হাৰ্ট ট্ৰান্সপ্লাণ্টে নতুন জীৱন দিলে ৰোগীক

DY365
DY365
Published: January 26,2025 06:22 PM
DY365

Story highlights

দেশৰ স্বাস্থ্যখণ্ডৰ সফলতা, হাৰ্ট ট্ৰান্সপ্লাণ্টে নতুন জীৱন দিলে ৰোগীক

২৬ জানুৱাৰী ২০২৫-  দেশৰ স্বাস্থ্যখণ্ডৰ সফলতা, হাৰ্ট ট্ৰান্সপ্লাণ্টে নতুন জীৱন দিলে ৰোগীক



দেশৰ স্বাস্থ্যখণ্ডই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। দিল্লীৰ কেণ্ট আৰ্মী হাস্পতালত এগৰাকী মহিলাৰ দেহত প্ৰথমবাৰৰ বাবে সফলতাৰে সংস্থাপন কৰা হ'ল যান্ত্ৰিক হৃদযন্ত্ৰ।  মেকানিকেল হাৰ্ট ইমপ্লাণ্টৰ দ্বাৰা নতুন জীৱন লাভ কৰিলে এগৰাকী প্ৰাক্তন সেনাজোৱানৰ পত্নীয়ে।
  তথ্য অনুসৰি বিগত দুবছৰ ধৰি ৪৯ বছৰীয়া মহিলাগৰাকীয়ে হাৰ্ট ইমপ্লাণ্টৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু তেওঁক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল। ক্ৰমান্বয়ে মহিলাগৰাকীৰ স্বাস্থ্যৰ ব্যাপক অৱনতি ঘটাত দিল্লী কেণ্ট আৰ্মী হাস্পতালে প্ৰথমবাৰৰ বাবে মহিলাগৰাকীৰ দেহত বাওঁ নিলয় সহায়ক যন্ত্ৰ (LVAD) স্থাপন কৰি ইতিহাস ৰচনা কৰিলে। এই প্ৰক্ৰিয়া HeartMate 3 ডিভাইচ ব্যৱহাৰ কৰি কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে এই যন্ত্ৰটো হৃদযন্ত্ৰৰ বিকলতাৰ শেষ পৰ্যায়ত উপনীত হোৱা ৰোগীসকলৰ বাবে আশীৰ্বাদতকৈ কম নহয়। 



বিশেষজ্ঞসকলে জনোৱা মতে, মহিলা ৰোগীগৰাকীৰ বাওঁ নিলয়ৰ পৰা তেজ পাম্প কৰাটো প্ৰায় বন্ধ হৈ গৈছিল। ইয়াৰ পিছত তেওঁৰ জীৱন ৰক্ষাৰ একমাত্ৰ বিকল্প আছিল হৃদযন্ত্ৰ সংৰোপন। চিকিৎসালয়খনে ৰোগীজনৰ জীৱন ৰক্ষাৰ বাবে এই কাম কৰাৰ সিদ্ধান্ত লয়। আৰু চিকিৎসকে সফলতাৰে মহিলাগৰাকীৰ দেহত সংস্থাপন কৰিলে যান্ত্ৰিক হৃদযন্ত্ৰ। চিকিৎসকে কোৱা অনুসৰি মহিলাগৰাকী এতিয়া যথেষ্ট পৰিমানে সুস্থিৰ।  বৰ্তমান মহিলাগৰাকী চিকিৎসকৰ তত্বাৱধানত থাকি দ্ৰুতগতিত সুস্থ হৈ উঠিছে। কব লাগিব যে এয়া দেশৰ স্বাস্থ্যখণ্ডৰ বাবে এক ডাঙৰ কৃতিত্ব। 



উল্লেখ্য যে আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশৰ  ১৮ হাজাৰতকৈ অধিক লোকে মেকানিকেল হাৰ্ট ইমপ্লাণ্টৰ পিছত সুস্থভাৱে জীৱন-যাপন কৰিছে। এতিয়া আমাৰ দেশৰ স্বাস্থ্যখণ্ডয়ো এই ক্ষেত্ৰত লাভ কৰিলে সফলতা।


Related

TWITTER

FACEBOOK