সূৰ্য্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সলনি হয় তাজমহলৰ ৰং !

DY365
DY365
Published: November 12,2024 06:23 PM
DY365

Story highlights

সূৰ্য্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সলনি হয় তাজমহলৰ ৰং !

১২ নৱেম্বৰ,২০২৪-  সূৰ্য্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সলনি হয় তাজমহলৰ ৰং !



পৃথিৱীৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম তাজমহল। তাজমহলৰ আছে বিভিন্ন ৰহস্য। তেনে এক ৰহস্য হ’ল তাজমহলৰ পৰিৱৰ্তিত ৰং। কোৱা হয় যে  সূৰ্য্যোদয় আৰু সূৰ্যাস্তৰ সময়ত তাজমহলৰ ৰং সলনি হয়। ইয়াৰ আঁৰৰ কাৰণ সম্পৰ্কে জানো আহক-
তাজমহলৰ মূল অংশ হৈছে মাৰ্বলৰ। মাৰ্বল হৈছে এটা স্বচ্ছ শিল যিয়ে পোহৰ শোষণ কৰি ইয়াক পুনৰ প্ৰতিফলিত কৰে। সূৰ্যৰ পোহৰৰ বিভিন্ন ৰশ্মিয়ে মাৰ্বলত খুন্দা মাৰে আৰু বিভিন্ন ৰঙত প্ৰতিফলিত হয়। সূৰ্য্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ পোহৰ পোনে পোনে তাজমহলৰ ওপৰত পৰে। এই সময়ত সূৰ্যৰ পোহৰ দুৰ্বল আৰু ইয়াত ৰঙা, কমলা আৰু গোলাপী ৰঙৰ ৰশ্মি অধিক থাকে। এই ৰশ্মিবোৰে মাৰ্বলত খুন্দা মাৰি তাজমহলক গোলাপী, সোণালী বা বেঙুনীয়া ৰঙৰ কৰি তোলে। তাজমহলৰ ৰং সলনি দেখাটোও কিছু পৰিমাণে দৰ্শকৰ দৃষ্টিশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন কোণৰ পৰা চালে তাজমহলৰ ৰং বেলেগ বেলেগ দেখা যায়। ইয়াৰ উপৰিও ধূলি, ধোঁৱা আৰু আৰ্দ্ৰতায়ো তাজমহলৰ ৰঙত প্ৰভাৱ পেলায়। বাস্তৱতা হ’ল তাজমহলৰ ৰং সঁচাকৈয়ে সলনি হয়, কিন্তু সেয়া স্থায়ী নহয়। সূৰ্যৰ পোহৰৰ অৱস্থা অনুসৰি তাজমহলৰ ৰং অবিৰতভাৱে সলনি হৈ থাকে।
 


TWITTER

FACEBOOK