মেট্ৰ'ৰে'ল প্ৰকল্পৰ শুভাৰম্ভণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

DY365
DY365
Published: September 16,2024 04:41 PM
DY365

Story highlights

এক্স হেণ্ডেলৰ জৰিয়তে মেট্র'ৰে'ল ভ্রমণৰ ফটো প্ৰচাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ

ছেপ্টেম্বৰ ১৬,২০২৪: সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ মেট্ৰ'ৰে'ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে প্ৰচাৰ কৰা ছবিত তেওঁক মেট্ৰ'ত ভ্ৰমণ কৰা আৰু ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰা দেখা গৈছিল। ইয়াত তেওঁৰ লগত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল উপস্থিত থকা দেখা যায়।



দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পৰ জৰিয়তে মটেৰাৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়াম আৰু গান্ধীনগৰ ছেক্টৰ ১ৰ মাজত ২১ কিলোমিটাৰ দূৰত্ব আঠটা ষ্টেচনৰ জৰিয়তে সংযোগ কৰা হ'ব। 
আনুমানিক ৫,৩৮৪ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পয়ে গুজৰাট নেচনেল ল ইউনিভাৰ্চিটি (জিএনএলইউ), পণ্ডিত দীনদয়াল এনাৰ্জি ইউনিভাৰ্চিটি (পিডিইইউ), গিফ্ট চিটিৰ লগতে আৰু বহুতো স্থানক ই সংযোগ কৰিব।



দ্বিতীয় পৰ্যায়ৰ উদ্বোধনীৰ পিছত এতিয়া আহমেদাবাদ মেট্ৰ’ ৰে’লৰ দুটা লাইনত ৬৮ কিলোমিটাৰ দৈঘ্যৰ নেটৱৰ্ক থাকিব, ইয়াত উত্তৰ-দক্ষিণ কৰিডৰ আৰু পূব-পশ্চিম কৰিডৰ  য’ত ৫৪টা ষ্টেচন থাকিব, ইয়াৰে চাৰিটা ষ্টেচন  মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। ২০২২ চনত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা প্ৰথম পৰ্যায়ত ৩৩.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ-দক্ষিণ কৰিড’ৰ ক সামৰি লোৱা হৈছিল, যাৰ বাবে যাত্ৰাৰ সময় ৬৫ ​​মিনিট আৰু ভাড়া ৩৫ টকা নিৰ্ধাৰণ কৰা হৈছিল।



উল্লেখযোগ্য যে দেওবাৰে লোকসভা নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ গৃহ ৰাজ্যত উপস্থিত হয়। সোমবাৰে পুৱা ৰাজ্যৰ ৰাজধানী গান্ধীনগৰত বিনামূলীয়া বিদ্যুৎ আঁচনি ‘পি এম সূৰ্য্য ঘৰঃ মুফট বিজলী যোজনা’ৰ হিতাধিকাৰীসকলক সাক্ষাৎ কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী গৰাকীয়ে গুজৰাটৰ মহাত্মা মন্দিৰত চতুৰ্থ গ্লোবেল নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰীৰ মিট এণ্ড এক্সপ’ (RE-INVEST) উদ্বোধন কৰে।


TWITTER

FACEBOOK