২৯ জানুৱাৰী ২০২৫- নৰেন্দ্ৰ মোদী নহয়, এইগৰাকী প্ৰধানমন্ত্ৰীয়ে পালে ড’নাল্ড ট্ৰাম্পৰ আমন্ত্ৰণ!
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্ক প্ৰায়ে চৰ্চাত থাকে। কিন্তু এইবাৰ নৰেন্দ্ৰ মোদী নহয় আন এজন প্ৰধানমন্ত্ৰীৰ সৈতে ড’নাল্ড ট্ৰাম্পৰ বন্ধুত্বৰ সম্পৰ্ক বিশ্ববাসীৰ সন্মুখলৈ আহিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছতেই হোৱাইট হাউছলৈ আমন্ত্ৰণ পাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে। ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালত হোৱাইট হাউছ ভ্ৰমণ কৰা প্ৰথমজন বিদেশী নেতা হ’ব বেঞ্জামিন নেতান্যাহু। খবৰ অনুসৰি ড’নাল্ড ট্ৰাম্পে ৪ ফেব্ৰুৱাৰীত বেঞ্জামিন নেতান্যাহুক হোৱাইট হাউছলৈ আমন্ত্ৰণ জনাইছে। এই খবৰ হোৱাইট হাউছ আৰু নেতান্যাহুৰ কাৰ্যালয়ে নিশ্চিত কৰিছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ হোৱাইট হাউছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ গাজাত বিগত কেইবামাহো ধৰি চলি থকা বিধ্বংসী যুদ্ধৰ পিছত দ্বিতীয় পৰ্যায়ৰ যুদ্ধবিৰতিৰ বাবে আলোচনা আৰম্ভ হ’বলৈ ওলাইছে। ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা এই যুদ্ধবিৰতিৰ প্ৰসংগ অধিক চৰ্চালৈ আহিছে। স্পষ্টভাৱে ট্ৰাম্প আৰু নেতান্যাহুৰ এই বৈঠকে দ্বিতীয় ৰাউণ্ডৰ যুদ্ধবিৰতিৰ আলোচনাত প্ৰভাৱ পেলাব।
হোৱাইট হাউছৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে 'ইজৰাইল আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত শান্তি স্থাপনৰ বাবে আৰু সাধাৰণ বিৰোধীসকলৰ সৈতে মোকাবিলা কৰাৰ বাবে আমেৰিকাই কি পদক্ষেপ ল’ব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ ট্ৰাম্প আগ্ৰহী। ট্ৰাম্পৰ সৈতে এই বৈঠক ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাবে এক সুযোগ হ’ব, কাৰণ বৰ্তমান ইজৰাইলৰ ৰাজনীতিত বেঞ্জামিন নেতান্যাহু হেঁচাত পৰিছে। আমেৰিকাৰ পৰা সমৰ্থন লৈ নেতান্যাহুয়ে দেশবাসীৰ সম্মুখত প্ৰমাণ কৰিব পাৰে যে ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল । উল্লেখ্য যে ইজৰাইল হৈছে আমেৰিকাৰ পৰা সৰ্বাধিক সাহায্য লাভ কৰা দেশ। আমেৰিকাই ইজৰাইলক অস্ত্ৰ আৰু ধনৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো সম্পূৰ্ণৰূপে সমৰ্থন কৰে। নেতান্যাহুৰ এই ভ্ৰমণে আমেৰিকাৰ পৰা ইজৰাইলে অধিক সাহায্য লাভ কৰিব বুলি আশা কৰা হৈছে।