উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা

DY365
DY365
Published: September 23,2024 06:12 PM
DY365

Story highlights

সংসদত POCSO আইন সংশোধনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ছেপ্টেম্বৰ ২৩,২০২৪: উচ্চতম ন্যায়ালয়ে জাৰি কৰে নতুন নিৰ্দেশনা। শিশু নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ লোৱা হৈছে এই সিদ্ধান্ত। মু্খ্য ন্যায়ধীশ ডি ওয়াই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে সোমবাৰে মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়দান স্থগিত ৰাখি এই ৰায়দান গৃহীত কৰে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য অনুসৰি শিশু পৰ্ণগ্ৰাফী চোৱা আৰু ডাউনলোড কৰা দুয়োটাই শাস্তিযোগ্য অপৰাধ। শিশু পৰ্ণগ্ৰাফী চোৱা আৰু ডাউনলোড কৰাটো দুয়োটা  POCSO আইনৰ অধীনত শাস্তিযোগ্য অপৰাধ।



সেহতীয়াকৈ ২৮ বছৰীয়া এজন যুৱকে নিজৰ ফোনত শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰৰ অপৰাধমূলক কাৰ্য্যবিধি খাৰিজ কৰি মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কয় যে শিশু সুৰক্ষা আইন (পি অ'চি এছ অ') আৰু তথ্য প্ৰযুক্তি (আই টি) আইনৰ অধীনত কেৱল শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰি চোৱাটোৱেই অপৰাধ নহয়। সোমবাৰে উচ্চতম ন্যায়ালয়ে পুনৰ সেই গোচৰৰ অপৰাধমূলক কাৰ্য্যবিধি জাৰি কৰে।



শিশু পৰ্ণগ্ৰাফী সম্পৰ্কীয় POCSO আইনৰ ১৫ নং ধাৰাটোৰ কথা উল্লেখ কৰি সোমবাৰে দুজন ন্যায়াধীশৰ বিচাৰপীঠে মাদ্ৰাজ উচ্চ ন্যায়লয়ৰ ৰায়দানক 'ডাঙৰ ভুল' বুলি উল্লেখ কৰে। শিশু পৰ্ণগ্ৰাফী চাই নিজৰ হাতত ৰাখিলে নূন্যতম ৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব তথা ইয়াক পুনৰাবৃত্তি কৰিলে ১০ হাজাৰ টকা জৰিমনা বিহিব লাগিব বুলিও বিচাৰপীঠে কয়।



ইয়াৰ উপৰিও এনে কাৰ্য প্ৰচাৰৰ লগত জড়িত থকা ব্যক্তি অথবা ব্যৱসায়ীক ভাৱে জড়িত লোকৰ ওপৰত তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ'ব পাৰে আৰু ইয়াক পুনৰাবৃত্তি কৰিলে ৭ বছৰ পৰ্যন্ত শাস্তি হ'ব পাৰে। সংসদত POCSO আইন সংশোধনৰ পৰামৰ্শও আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে।


Related

TWITTER

FACEBOOK