পুৰুষে মহিলাৰ কাপোৰৰ জোখ ল'ব নোৱাৰিব, চুলি কটাও হ'ব নিষিদ্ধ!

DY365
DY365
Published: November 8,2024 04:05 PM
DY365

Story highlights

পুৰুষে মহিলাৰ কাপোৰৰ জোখ ল'ব নোৱাৰিব, চুলি কটাও হ'ব নিষিদ্ধ!

৮ নৱেম্বৰ,২০২৪-  পুৰুষে মহিলাৰ কাপোৰৰ জোখ ল'ব নোৱাৰিব, চুলি কটাও হ'ব নিষিদ্ধ! 



নাৰীক "বেয়া স্পৰ্শ"ৰ পৰা ৰক্ষা আৰু নাৰীৰ প্ৰতি পুৰুষৰ কু-অভিপ্ৰায় ৰোধ কৰাৰ কৰাৰ বাবে ৰাজ্যিক মহিলা আয়োগে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে। উত্তৰ প্ৰদেশ মহিলা সংগঠনৰ সদস্য হিমানী আগৰৱালাই কয় যে “২৮ অক্টোবৰত মহিলা আয়োগৰ বৈঠকত এটা প্ৰস্তাৱ দিয়া হৈছিল যে মহিলাসকলে পিন্ধা কাপোৰৰ জোখ-মাখ কেৱল মহিলা দৰ্জীয়েহে ল’ব পাৰিব আৰু চেলুনসমূহতো মহিলা গ্ৰাহকক কেৱল মহিলা নাপিতেহে চুলি কাটিব পাৰিব। লগতে এই অঞ্চলসমূহত চিচিটিভি স্থাপন কৰিব লাগে বুলিও মন্তব্য কৰিছে।” তেওঁ কয় যে এই প্ৰস্তাৱ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে উত্থাপন কৰিছে আৰু সভাত উপস্থিত থকা সদস্যসকলে ইয়াক সমৰ্থন কৰিছে। লগতে তেওঁ কয় "আমি বিশ্বাস কৰোঁ যে এই ধৰণৰ বৃত্তিৰ সৈতে জড়িত পুৰুষসকলৰ বাবেই মহিলাসকলৰ লগত হেতালি খেলা হৈছে। পুৰুষসকলে বিভিন্ন সময়ত সহিলাসকলৰ সৈতে অসৎ আচৰণ কৰিবলৈ চেষ্টা কৰে।" আনহাতে কিছুমান পুৰুষৰ উদ্দেশ্য ভাল নহয় বুলি কোৱাৰ লগতে তেওঁ এইটোও কয় যে সকলো পুৰুষৰে উদ্দেশ্য যে বেয়া এনেকুৱাও নহয়। উল্লেখ্য যে মহিলা আয়োগে লোৱা এই প্ৰস্তাৱটো সন্দৰ্ভত আইন প্ৰণয়ন কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ কৰিব।


TWITTER

FACEBOOK