'কৰ্মনাশা', যিখন নদীৰ পানী স্পৰ্শ কৰিবলৈও মানুহে ভয় কৰে।

DY365
DY365
Published: October 29,2024 07:20 PM
DY365

Story highlights

'কৰ্মনাশা', যিখন নদীৰ পানী স্পৰ্শ কৰিবলৈও মানুহে ভয় কৰে।

২৯ অক্টোবৰ,২০২৪- 'কৰ্মনাশা', যিখন নদীৰ পানী স্পৰ্শ কৰিবলৈও মানুহে ভয় কৰে।
ভাৰতবৰ্ষত নদীক পবিত্ৰ বুলি গণ্য কৰা হয়। নদীক মাতৃৰ মৰ্যাদা দিয়া এইখন ভাৰততে কিন্তু এনে এখন নদী আছে, যিখন নদীৰ পানী মানুহে স্পৰ্শ কৰিবলৈও ভয় কৰে।উত্তৰ প্ৰদেশ আৰু বিহাৰৰ মাজেৰে বৈ যোৱা ভাৰতৰ এই নদীখনৰ নাম হৈছে 'কৰ্মনাশা' নদী। এই নদীখন প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে জনাজাত যদিও এই নদীখনৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে।'কৰ্মনাশা' নদীক লৈ মানুহৰ মাজত ভয়ৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল ইয়াৰ লগত জড়িত পৌৰাণিক কাহিনী৷কাহিনী অনুসৰি এই নদীত অভিশাপ আছে বুলি কোৱা হয়, 'কৰ্মনাশা' নদীত গা ধূলে বা এই নদীৰ পানী স্পৰ্শ কৰিলে মানুহৰ সকলো ভাল গুণ, ভাল কৰ্ম ধ্বংস হয় বুলি বিশ্বাস কৰা হয়। লগতে এই নদীৰ পানী স্পৰ্শ কৰিলে মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে বুলি কোৱা হয়। কিন্তু এই বিশ্বাসবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। 


TWITTER

FACEBOOK