উদ্বেগজনকভাৱে হ্ৰাস পাব ভাৰতৰ জনসংখ্যা!

DY365
DY365
Published: January 9,2025 08:39 PM
DY365

Story highlights

উদ্বেগজনকভাৱে হ্ৰাস পাব ভাৰতৰ জনসংখ্যা!

৯ জানুৱাৰী ২০২৫-  উদ্বেগজনকভাৱে হ্ৰাস পাব ভাৰতৰ জনসংখ্যা!
২১০০ চনৰ ভিতৰত ভয়ংকৰভাৱে হ্ৰাস পাব ভাৰতৰ জনসংখ্যা! ভাৰতৰ জনসংখ্যা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ইলন মাস্কে। কেৱল ভাৰতৰেই নহয়, চীনৰ জনসংখ্যাও ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। মাস্কৰ এক্স হেণ্ডেলৰ পৰা এটা গ্ৰাফৰ ছবি পোষ্ট কৰা হৈছিল, য’ত বিশ্বৰ প্ৰধান দেশসমূহৰ জনসংখ্যাৰ সম্ভাৱ্য পৰিৱৰ্তন দেখুওৱা হৈছে। মাস্কে ইয়াক মানৱতাৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি অভিহিত কৰিছে। হিচাপ অনুসৰি ২১০০ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্ৰায় ১.১ বিলিয়নলৈকে হ্ৰাস পাব পাৰে। বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হোৱাৰ পাছতো ভাৰতৰ জনসংখ্যাৰ এই হ্ৰাস চিন্তনীয় হ’ব পাৰে। 
ভাৰতৰ লগতে চীনৰ জনসংখ্যাও ভয়ংকৰভাৱে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ২১০০ চনৰ ভিতৰত চীনৰ জনসংখ্যা ৭৩১.৯ মিলিয়ন হ’ব পাৰে, যিটো বৰ্তমানৰ জনসংখ্যাৰ প্ৰায় ৭৩.১ কোটি হ্ৰাস পাব। জনসংখ্যাৰ এই হ্ৰাসে দেশ দুখনৰ সামাজিক আৰু অৰ্থনৈতিক গাঁথনিত প্ৰভাৱ পেলাব পাৰে।
শতিকাৰ শেষলৈকে নাইজেৰিয়াৰ জনসংখ্যা ৭৯ কোটি ১০ লাখ হ’ব বুলি অনুমান কৰা হৈছে, যাৰ ফলত ই বিশ্বৰ দ্বিতীয় জনবহুল দেশ হিচাপে পৰিগণিত হ’ব। ইয়াৰ বিপৰীতে আমেৰিকা বিশ্বৰ চতুৰ্থ বৃহত্তম দেশ হৈ থাকিব, আনহাতে ইণ্ডোনেছিয়া আৰু পাকিস্তানত জনসংখ্যাও সামান্য পৰিমানে হ্ৰাস পাব।
জনসংখ্যা হ্ৰাসৰ কেইবাটাও ডাঙৰ কাৰণ আছে:
উৰ্বৰতাৰ হাৰ হ্ৰাস: উন্নত দেশত প্ৰজননৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে, যিটো জনসংখ্যা হ্ৰাসৰ মূল কাৰণ।
প্ৰব্ৰজনঃ উন্নত সুযোগৰ সন্ধানত মানুহে এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজন কৰি জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে।
বৃদ্ধ জনসংখ্যাঃ বহু দেশত যুৱ জনসংখ্যাৰ অভাৱ আৰু বৃদ্ধৰ সংখ্যা বৃদ্ধিয়ে জনসংখ্যা হ্ৰাসৰ গতি ত্বৰান্বিত কৰি তুলিছে।
ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ শিক্ষাবিদসকলে ২০২০ চনত কৰা এক অধ্যয়ন অনুসৰি বিশেষকৈ চীন আৰু ভাৰতত জনসংখ্যা হ্ৰাস পূৰ্বতে ভবাতকৈও দ্ৰুত হ’ব পাৰে। এই অৱনতিয়ে ভাৰতলৈ বিশ্ব পৰ্যায়ত অৰ্থনৈতিক আৰু সামাজিক প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে।


Related