INDI এলায়েন্সত সংকট ! ভংগ হব নেকি মহাজোঁট?

DY365
DY365
Published: October 20,2024 12:01 PM
DY365

Story highlights

INDI এলায়েন্সত সংকট ! ভংগ হব নেকি মহাজোঁট?

২০ অক্টোবৰ,২০২৪-   INDI এলায়েন্সত সংকট ! ভংগ হব নেকি মহাজোঁট?



বিজেপি আৰু NDA মিত্ৰজোঁটক হৰুৱাবলৈ কংগ্ৰেছ আৰু  দেশৰ একাংশ বিৰোধী ৰাজনৈতিক দলৰ মাজত গঠন হৈছিল INDIA মহাজোঁট। কিন্তু দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সংকটত পৰিছে INDI এলায়েন্স। চলিত বৰ্ষৰে নৱেম্বৰত অনুষ্ঠিত হ'ব ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন।ইয়াৰ মাজতেই ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ আসন ভাগ-বটোৱাৰাক লৈ JMM, CONG আৰু RJDৰ মাজত অসন্তুষ্টি বৃদ্ধি পাইছে। উল্লেখ্য যে ৮১ খন আসনৰ বাবে দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন।ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি হেমন্ত সোৰেনে শনিবাৰে আসন ভাগ-বতৰাৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে ৰাজ্যখনৰ ৮১খন বিধানসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ আৰু জেএমএম দলে ৭০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বাকী আসনসমূহ অন্য দলৰ বাবে এৰি দিয়া হ’ব। হেমন্ত সোৰেনৰ এই মন্তব্যৰ পিছতে  RJDৰ নেতা তেজস্বী যাদৱে অসন্তুষ্টি ব্যক্ত কৰিছে। আসন ভাগ-বতৰা সন্দৰ্ভত জেএমএম-কংগ্ৰেছৰ সিদ্ধান্ত একপক্ষীয় বুলি মন্তব্য কৰি RJD দলৰ বিষয়ববীয়াই কয় যে  RJD দলে ঝাৰখণ্ড বিধানসভাৰ ১৫ৰ পৰা ১৮খন আসনত অকলেই বিজেপিক পৰাস্ত কৰিব পাৰে।গতিকে আসন ভাগ-বটোৱাৰা সন্দৰ্ভত JMM আৰু CONG দলক বিবেচনা কৰিবলৈ আহ্বান জলাইছে। অন্যথা অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে RJD দলে।


Related

TWITTER

FACEBOOK