২৯ জানুৱাৰী ২০২৫- মহাকুম্ভত অঘটন! সন্ধানহীন হৈ আছে অসমৰ পৰা যোৱা ভক্তও
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত যেন এতিয়া মৃত্যুৰ কিৰীলি। মহাকুম্ভৰ ত্ৰিবেণী সংগমৰ পাৰত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪০ জনলৈ বৃদ্ধি পাইছে। আনহাতে পদপিষ্টৰ ঘটনাত আহত হৈছে ১০০ৰো অধিক ভক্ত। আহতসকলক কুম্ভ অঞ্চলৰ চেক্টৰ-২ৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু চৰকাৰী তথ্য মতে পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা ভক্তৰ সংখ্যা ৩০জন বুলি উল্লেখ কৰিছে। উল্লেখ্য যে মহাকুম্ভ মেলাৰ এই ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে অসমৰো এজন লোক। তিনিচুকীয়া জিলাৰ পৰা যোৱা ওম শংকৰ মাহাতো নামৰ ৬২ বছৰীয়া এজন ভক্তৰ এইপৰ্যন্ত সন্ধান পোৱা নাই পৰিয়ালৰ লোকে।
মহাকুম্ভ মেলাৰ এই দুৰ্ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ ডিআইজি আৰু কুম্ভমেলাৰ বিষয়াসকলে । সংবাদমেলত ডিআইজিয়ে কয়, “আজি মহাকুম্ভ প্ৰয়াগৰাজত বিশাল জনসমাগমৰ সৃষ্টি হৈছিল। বিশাল জনসমাগমৰ বাবে ভাঙি পৰিছিল বেৰিকেড। তাৰ পাছত উপস্থিত জনতাই মানুহক পদপিষ্ট কৰিবলৈ আৰম্ভ কৰে। মুঠ ৯০জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। বৰ্তমানলৈ ৩০ জনৰ মৃত্যু হৈছে।”
লগতে কয় যে “মহাকুম্ভত নিশা ১-২ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল। য’ত ৯০ জন লোক আহত হোৱাৰ লগতে ৩০ জনৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ২৫ জনক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ চাৰিজন কৰ্ণাটকৰ আৰু এজন গুজৰাটৰ আছিল। বাকী ৫ জনক চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে। দুৰ্ঘটনাটোত আহত সকলৰ বিষয়ে তথ্য লাভ বাবে জাৰী কৰা হৈছে হেল্পলাইন নম্বৰ (1920)।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সাধু আৰু ভক্তসকলক অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয়, ভক্তসকলে ওচৰত থকা মা গংগা ঘাটত স্নান কৰিব লাগে। সংগমৰ ফালে যোৱাটো উচিত নহয়। এনে বহুতো ঘাট নিৰ্মাণ কৰা হৈছে, য’ত সহজে স্নান কৰিব পাৰি। ইয়াৰ লগতে উৰাবাতৰিক গুৰুত্ব নিদিবলৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আহ্বান জনাইছে।