৩০ জানুৱাৰী ২০২৫- লিভ-ইন-ৰিলেচনশ্বিপত থকাসকলৰ বাবে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
বৰ্তমান সময়ত লিভ-ইন-ৰিলেচনশ্বিপৰ ধাৰণা দ্ৰুতগতিত বৃদ্ধি পাইছে। লিভ ইন ৰিলেচনশ্বিপ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজস্থান উচ্চ ন্যায়ালয়ে ৰাজস্থানত লিভ-ইন-ৰিলেচনশ্বিপ’ পঞ্জীয়নৰ বাবে এটা ৱেবছাইট মুকলি কৰিবলৈ নিৰ্দেশ দিছে। অৰ্থাত ৰাজস্থানত লিভ-ইন-ৰিলেচনশ্বিপত থকা যুৱক-যুৱতীসকলে এতিয়াৰে পৰা তেওঁলোকৰ নাম এপত পঞ্জীয়ন কৰিব লাগিব।
লিভ-ইন-ৰিলেচনশ্বিপক লৈ ভাৰতীয় সমাজত বহু ভুল ধাৰণা আছে। এই সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ে আইন প্ৰণয়নৰ ইচ্ছা প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনুপ কুমাৰ ধন্ধৰ একক বিচাৰপীঠে বিষয়টো মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰি বৃহৎ/বিশেষ বিচাৰপীঠ গঠনৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ে বিষয়টো বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰি নিজৰ আইনী কথা স্পষ্ট কৰি দিছে। ইয়াৰ লগতে কোৱা হৈছে যে বৰ্তমান চৰকাৰে এটা যোগ্য কৰ্তৃপক্ষ বা পৰ্টেল গঢ়ি তুলিব লাগে য’ত লাইভ-ইন ৰিলেচনত বসবাস কৰা লোকসকলক পঞ্জীয়ন কৰিব পাৰি যাতে তেওঁলোকৰ সমস্যা সমাধান কৰিব পৰা যায়।
উল্লেখ্য যে লিভ-ইন-ৰিলেচনশ্বিপত থকা বহু যুৱক-যুৱতীয়ে সামাজিক আৰু পাৰিবাৰিক চাপৰ সম্মুখীন হয়। বহু যুৱক-যুৱতীয়ে এই চাপৰ সম্মুখীন হৈ আদালতৰ ওচৰ চাপিছিল। আদালতৰ মতে যেতিয়ালৈকে লিভ-ইন-ৰিলেচনশ্বিপৰ ওপৰত কোনো আইন প্ৰণয়ন নহয়, তেতিয়ালৈকে লিভ-ইনত থকা যুৱক-যুৱতীয়ে কোনো কৰ্তৃপক্ষ বা ন্যায়াধিকৰণত পঞ্জীয়ন কৰিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে সামাজিক আৰু পাৰিবাৰিক চাপৰ পৰা সুৰক্ষা লাভ কৰিব।