২৭ জানুৱাৰী ২০২৫- ফেইল হলে সোনকালে কৰক আপোনাৰ বাহনৰ insurance! অন্যথা নাপাব পেট্ৰল, ডিজেল
ভাৰতৰ সকলো বাহনৰ বাবে তৃতীয় পক্ষৰ বীমা(insurance) বাধ্যতামূলক হৈ পৰিছে। ইয়াৰ ভিতৰত আছে দুচকীয়া আৰু ৪ চকীয়া বাহনো। গাড়ী হওক বা বাইক-স্কুটাৰ হওক, সকলোৰে বীমা কৰাটো গুৰুত্বপূৰ্ণ। এতিয়া ভাৰতীয় পথত থাৰ্ড পাৰ্টি বীমা অবিহনে বাহন চলোৱাটো অবৈধ। ইয়াৰ বাবে আপুনি জৰিমনা ভৰিব লাগিব। যদি আপুনি এতিয়াও আপোনাৰ বাহনখনৰ বীমা কৰা নাই, তেনেহলে সোনকালে বীমা কৰি লওক। কাৰণ নতুন নিয়ম অনুসৰি আপোনাৰ বাহনৰ বৈধ তৃতীয় পক্ষৰ বীমা অবিহনে আপুনি পেট্ৰল বা ডিজেল ক্ৰয় কৰিব নোৱাৰিব। অনাগত দিনত যিবোৰ বাহনৰ থাৰ্ড পাৰ্টি বীমা নাই সেইবোৰে বাহনে FASTagৰ সুবিধাৰ পৰাও বঞ্চিত হ'ব।
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে তৃতীয় পক্ষৰ বীমাক প্ৰসাৰিত কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯৮৮ চনৰ মটৰ গাড়ী আইন অনুসৰি সকলো বাহনৰ বাবে তৃতীয় পক্ষৰ বীমা বাধ্যতামূলক। এই বীমাৰ উদ্দেশ্য হৈছে কোনো দুৰ্ঘটনাত তৃতীয় পক্ষৰ লোকচানৰ ক্ষতিপূৰণ। বাধ্যতামূলক হোৱাৰ পিছতো ভাৰতীয় পথৰ আধাতকৈ অধিক বাহন বীমা অবিহনে চলি আছে।
ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষৰ তথ্য অনুসৰি ২০২৪ চনত ভাৰতীয় পথত চলাচল কৰা আনুমানিক ৩৫-৪০ কোটি বাহনৰ ভিতৰত মাত্ৰ ৫০% বাহনৰহে তৃতীয় পক্ষৰ বীমা আছে। মটৰ গাড়ী আইনৰ অধীনত তৃতীয় পক্ষৰ বীমা নোহোৱাকৈ বাহন চলোৱাটো অপৰাধ। প্ৰথমবাৰৰ বাবে ধৰা পৰিলে ২০০০ টকা জৰিমনা নাইবা তিনিমাহৰ কাৰাদণ্ড, বা উভয় শাস্তি হ’ব পাৰে। আনহাতে দ্বিতীয়বাৰ ধৰা পৰিলে জৰিমনাৰ ধনৰ পৰিমান ৮,০০০ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে।
নতুন নিয়ম অনুসৰি আপোনাৰ বাহনৰ বৈধ তৃতীয় পক্ষৰ বীমা অবিহনে পেট্ৰল বা ডিজেল ক্ৰয় কৰিব নোৱাৰিব। পেট্ৰল, ডিজেল ক্ৰয় কৰাৰ বাবে FASTag ৰ বীমাৰ কাগজো দেখুৱাব লাগিব। অৰ্থাৎ যদি আপোনাৰ বাহনত বৈধ তৃতীয় পক্ষৰ বীমা পলিচি আছে তেন্তে ইয়াক FASTag ৰ সৈতেও সংযোগ কৰিব লাগিব। যদিহে আপোনাৰ হাতত তৃতীয় পক্ষৰ বীমাৰ প্ৰমাণ থাকে তেন্তেহে আপুনি পেট্ৰল, ডিজেল কিনিব পাৰিব আৰু অন্যান্য সুবিধা লাভ কৰিব পাৰিব। যদি আপুনি বীমা অবিহনে ৰাস্তাত গাড়ী চলাই ধৰা পৰে তেনেহনে আপুনি জৰিমনা ভৰিব লাগিব।