মই আৰু ন্যায় দিব নোৱাৰিম, অন্তিম কৰ্মদিনত ভাবুক ডি ৱাই চন্দ্ৰচূড়

DY365
DY365
Published: November 9,2024 02:44 PM
DY365

Story highlights

মই আৰু ন্যায় দিব নোৱাৰিম, অন্তিম কৰ্মদিনত ভাবুক ডি ৱাই চন্দ্ৰচূড়

৯ নৱেম্বৰ,২০২৪-  মই আৰু ন্যায় দিব নোৱাৰিম, অন্তিম কৰ্মদিনত ভাবুক ডি ৱাই চন্দ্ৰচূড়



 অযোধ্যাৰ ৰাম মন্দিৰৰ ঐতিহাসিক ৰায়দান, ৩৭০ নং অনুচ্ছেদ বাতিল আৰু ইলেক্টৰেল বণ্ডলৈকে বহুতো ঐতিহাসিক সিদ্ধান্তৰ তথা ৰায়দানৰ সাক্ষী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে উচ্চতম ন্যায়ালয়ত শুক্ৰবাৰে অন্তিমটো আইনী কৰ্মদিন কটালে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ ১০ নৱেম্বৰত আনুষ্ঠানিকভাৱে কাৰ্যকাল শেষ হ'ব যদিও ৯ আৰু ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয় বন্ধৰ বাবে শুক্ৰবাৰৰ দিনটোৱেই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কৰ্মজীৱনৰ অন্তিমটো দিন হৈ পৰিল।কাৰ্যকালৰ অন্তিম দিনটোত  ডি ৱাই চন্দ্ৰচূড়ে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এএমইউ) সংখ্যালঘু স্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল।২০২২ চনৰ নৱেম্বৰ মাহত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা চন্দ্ৰচূড়ে লিজৰ ভাষণত কয় যে  "মই কাইলৈৰ পৰা ন্যায় কৰিব নোৱাৰিম, কিন্তু মই সন্তুষ্ট"। যদি মই কেতিয়াবা কাৰোবাক আঘাত কৰিছো, তেন্তে মই ক্ষমা বিছাৰিছো। লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে ট্ৰল কৰা ব্যক্তিসকলক উদ্দেশ্যি কয় যে সম্ভৱতঃ মই আটাইতকৈ ট্ৰল হোৱা বিচাৰকসকলৰ মাজৰ এজন। সোমবাৰৰ পৰা মোক ট্ৰ'ল কৰা সকলোবিলাক নিবনুৱা হৈ পৰিব।     
আনহাতে আদালতত অন্তিম দিনটোৰ বিদায় ভাষণত ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পিতৃৰ পৰামৰ্শৰ বিষয়ে এক হৃদয়স্পৰ্শী বাৰ্তা প্ৰকাশ কৰি কয় যে  পিতৃ তথা প্ৰাক্তন চিজেআই য়াভ চন্দ্ৰচূড়ে তেওঁক কেতিয়াও উকীল বা বিচাৰক হিচাপে আপোচ নকৰিবলৈ পৰামৰ্শ দিছিল।  
 ডি ৱাই চন্দ্ৰচূড় কেইবাটাও ঐতিহাসিক ৰায়দানৰ সাক্ষী। তাৰ ভিতৰত - 
ক) গোপনীয়তাৰ মৌলিক অধিকাৰৰ ৰায়দান 
খ) সমকামিতাৰ ওপৰত ৰায়দান 
গ) সবৰীমালা মন্দিৰত প্ৰৱেশৰ গোচৰৰ ৰায়দান
ঘ) ৰাম মন্দিৰ বিবাদৰ ৰায়দান
ঙ) ৩৭০ নং অনুচ্ছেদ বাতিল
চ) ইলেক্টৰেল বণ্ড
ছ) অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত ৰায়দান ইত্যাদি


TWITTER

FACEBOOK