ষঠ পূজাৰ বাবে ঘৰতেই কেনেকৈ বনাব থেকুৱা

DY365
DY365
Published: November 3,2024 09:00 PM
DY365

Story highlights

ষঠ পূজাৰ বাবে ঘৰতেই কেনেকৈ বনাব থেকুৱা

৩ নৱেম্বৰ, ২০২৪-   ষঠ পূজাৰ বাবে ঘৰতেই কেনেকৈ বনাব থেকুৱা



৭ নৱেম্বৰত উদযাপন কৰা হ'ব ষঠ পূজা। সূৰ্য্য পূজাৰ এই অনন্য লোক উৎসৱ প্ৰধানকৈ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি ৰাজ্যত পালন কৰা হয়। অসমতো বিহাৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰে ষঠ পূজা। বিহাৰত অতি ধুমধামেৰে পালন কৰা হয় ষঠ পূজা।বৈদিক যুগৰ পৰা চলি এই উৎসৱটো বিহাৰৰ সংস্কৃতিত পৰিণত হৈছে। এই উৎসৱত বহু ধৰণৰ ব্যঞ্জন আৰু মিঠাই প্ৰস্তুত কৰা হয় তাৰেই এটা হ'ল থেকুৱা। এই থেকুৱা আপুনি ঘৰতেই বনাব পাৰিব। জানো আহক ঘৰত থেকুৱা বনোৱাৰ সহজ ৰেচিপি-



থেকুৱা বনাবলৈ প্ৰথমে বাদাম, খেজুৰ, ইলাচি, নিমখ আৰু আটা বা চাউল গুৰি কৰি লওঁক।এটা পাত্ৰত গুড় লৈ তাত এগিলাচ পানী দি গুড়খিনি ভালদৰে মিহলাই লওক।গুড়ৰ পানীত কিছু নাৰিকল কুটি লৈ গুৰি কৰি থোৱা সামগ্ৰীবোৰ মিহলাই লওক।এতিয়া গুৰি সামগ্ৰীখিনিত অলপ অলপকৈ পানী মিহলাই কোমল পিঠাগুৰি বনাই লওক। পিঠাগুৰি যাতে বেছি টান বা বেছি কোমল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।
পিঠাগুৰিৰ পৰা সৰু সৰু বল বনাই থেকুৱা বনাবলৈ  আকৃতি দিব।এটা ডাঙৰ কেৰাহীত ঘিউ বা তেল গৰম কৰি গেছৰ ওপৰত তেল গৰম হ’লে এটা এটাকৈ থেকুৱা দিব।মধ্যমীয়া জুই দি থেকুৱাৰ দুয়োফালটো সোণালী বৰণৰ হ’লে কেৰাহীৰ পৰা উলিয়াই আনিব। এনেদৰেই আপুনি ঘৰতেই থেকুৱা বনাব পাৰিব আৰু এনেদৰে বনোৱা থেকুৱা আপুনি কেইবাদিনো সংৰক্ষণো কৰি ৰাখিব পাৰিব।


TWITTER

FACEBOOK