সুৰা নিষিদ্ধ ৰাজ্যত তেলৰ টেংকাৰত ওলাল ১ কোটি টকাৰ বিলাতী সুৰা।

DY365
DY365
Published: November 7,2024 06:03 PM
DY365

Story highlights

সুৰা নিষিদ্ধ ৰাজ্যত তেলৰ টেংকাৰত ওলাল ১ কোটি টকাৰ বিলাতী সুৰা।

৭ নৱেম্বৰ,২০২৪- সুৰা নিষিদ্ধ ৰাজ্যত তেলৰ টেংকাৰত ওলাল ১ কোটি টকাৰ বিলাতী সুৰা।
ৰাজ্যবাসী ছঠ পূজাৰ বাবে ব্যস্ত হৈ থকাৰ সময়তেই সংঘটিত হ'ল এক আজৱ কাণ্ড। আৰক্ষীয়ে সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ বাবে সক্ৰিয় হৈ থকা সময়তেই  ড্ৰা'ই ষ্টেট বিহাৰত তিনিজন ব্যৱসায়ীয়ে তেলৰ টেংকাৰত লৈ আহিছিল বৃহৎ পৰিমাণৰ বিলাতী সুৰা। বিহাৰৰ মুজাফ্ফৰপুৰত এখন তেলৰ টেংকাৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে হিমাচল প্ৰদেশত প্ৰস্তুত কৰা প্ৰায় এক কোটি টকা বজাৰ মূল্যৰ ৫ হাজাৰ লিটাৰ সুৰা। আৰক্ষীয়ে এক তথ্যৰ ভিত্তিত অহিয়াপুৰ থানা এলেকাৰ বাখৰী চ’কৰ সমীপত তালাচী চলাইছিল। তালাচীৰ সময়তে আৰক্ষীয়ে সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে জব্দ কৰিছে নাগালেণ্ডৰ ৰেজিষ্ট্ৰেচনত থকা এখন টেংকাৰ। আৰক্ষীয়ে টেংকাৰখনত তালাচী চলাওঁতে দেখিবলৈ পালে যে টেংকাৰখনৰ গোপন বেছমেণ্টত তেলৰ পৰিৱৰ্তে সুৰাৰ কাৰ্টুন ভৰাই অনা হৈছিল।আনহাতে টেংকাৰৰ ভিতৰত সুৰাৰ কাৰ্টন ভৰোৱাৰ বাবেও পৃথক পৃথক চেম্বাৰো তৈয়াৰ কৰা হৈছিল।জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় এক কোটি টকা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰাই তিনিজন ব্যৱসায়ীকো আৰক্ষীয়ে আটক কৰিছে ।আটক কৰা ব্যৱসায়ী তিনিজন পঞ্জাৱ আৰু হাৰিয়ানাৰ বাসিন্দা।


TWITTER

FACEBOOK