২৭ নৱেম্বৰ,২০২৪- ভাৰতবৰ্ষত দ্ৰুতগতিত বৃদ্ধি পাইছে বিবাহ বিচ্ছেদ, শীৰ্ষত কোনখন ৰাজ্য?
ভাৰতবৰ্ষত বিবাহ বিচ্ছেদৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত বিবাহ বিচ্ছেদৰ গোচৰ ৩৫ শতাংশলৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বিশ্বৰ বিভিন্ন দেশ আৰু ভাৰতত বিবাহ বিচ্ছেদৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল ঘৰুৱা হিংসা আৰু প্ৰতাৰণা। ইয়াৰ বাহিৰেও বিবাহ বিচ্ছেদ হোৱা লোকসকলে ইজনে সিজনৰ পৰা স্বাধীনতা পাবলৈ আৰু অমীমাংসিত সমস্যাৰ বাবেও বিবাহ বিচ্ছেদ কৰে। লগতে বিয়াৰ পিছত বহু বছৰ ধৰি ইজনে আনজনৰ অপমান ভোগ কৰাটোও ইয়াৰ কাৰণ হ’ব পাৰে।
বিবাহ বিচ্ছেদৰ কেইটামান ডাঙৰ কাৰণ হৈছে-
ঘৰুৱা হিংসা আৰু প্ৰতাৰণা
অপমান
সন্মানৰ অভাৱ
দ্বিতীয় প্ৰেম
২০২১ চনৰ পৰা ২০২২ চনৰ ভিতৰত কৰা এক অধ্যয়নত কোৱা হৈছে যে ২৫ৰ পৰা ৩৪ বছৰ বয়সৰ লোকে সৰ্বাধিক বিবাহ বিচ্ছেদ কৰে। ইয়াৰ পিছত ১৮ৰ পৰা ২৪ বছৰ বয়সৰ লোকে বিবাহ বিচ্ছেদৰ বাবে সৰ্বাধিক আবেদন দাখিল কৰিছিল, তাৰ পিছতে ৩৫ৰ পৰা ৪৪ বছৰ বয়সৰ লোকে আৰু তাৰ পিছত ৪৫ৰ পৰা ৫৪ বছৰ বয়সৰ লোকে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। ৫৫ৰ পৰা ৬৪ বছৰ আৰু তাৰ ওপৰৰ লোককো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।
সৰ্বাধিক বিবাহ বিচ্ছেদ হোৱা ৰাজ্যৰ কথা কবলৈ গলে শীৰ্ষত অন্তৰ্ভুক্ত হ'ব মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত প্ৰায় ১৮.৭ শতাংশ বিবাহ বিচ্ছেদৰ গোচৰ সংঘটিত হয়। ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে কৰ্ণাটক। কৰ্ণাটকত বিবাহ বিচ্ছেদৰ হাৰ ১১.৭ শতাংশ। বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তৃতীয় স্থানত ৮.৮ শতাংশৰে উত্তৰ প্ৰদেশ। পশ্চিম বংগত বিবাহ বিচ্ছেদৰ হাৰ ৮.২% আৰু নতুন দিল্লীত বিবাহ বিচ্ছেদৰ হাৰ ৭.৭%। ইয়াৰ উপৰিও তামিলনাডু, তেলেংগানা আৰু কেৰালাৰ দৰে ৰাজ্যসমূহো সৰ্বাধিক বিবাহ বিচ্ছেদ হোৱা ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।