দিল্লী কেপিটেলছৰ নতুন অধিনায়ক অক্ষৰ পেটেল

DY365
DY365
Published: March 14,2025 05:32 PM
DY365

Story highlights

দিল্লী কেপিটেলছৰ নতুন অধিনায়ক অক্ষৰ পেটেল

১৪ মাৰ্চ, ২০২৫-  দিল্লী কেপিটেলছৰ নতুন অধিনায়ক অক্ষৰ পেটেল



২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ । আই পি এলৰ পূৰ্বে নতুন অধিনায়কৰ নাম ঘোষণা কৰিছে দিল্লী কেপিটেলছে। অৰ্থাত দিল্লী কেপিটেলছে পালে নতুন অধিনায়ক। এইবাৰ দিল্লীক নেতৃত্ব দিব ভাৰতীয় দলৰ ষ্টাৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেলে। অক্ষৰ পেটেলে এই পৰ্যন্ত ১৫০ খন আই পি এল মেচ খেলিছে। ১৫০ খন মেচত  ১৩১ ষ্ট্ৰাইক ৰেটেৰে ১৬৫৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দখল কৰিছে ১২৩টা উইকেট। চৰ্চা অনুসৰি  টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন তথা বিগত ছিজনসমূহত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক নেতৃত্ব দিয়া কে এল ৰাহুল দিল্লী কেপিটেলছৰ অধিনায়কত্বৰ দৌৰত প্ৰথম আছিল।  কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাহুলে দলটোক নেতৃত্ব দিবলৈ অস্বীকাৰ কৰিছিল। যাৰ ফলত অক্ষৰ পেটেলৰ হাতত দায়িত্ব অৰ্পন কৰে মেনেজমেণ্টে। উল্লেখ্য যে দিল্লীয়ে এইবাৰ ১৬.৫০ কোটি টকাৰ বিনিময়ত অক্ষৰক দলত ৰিটেন কৰিছিল।



দিল্লী কেপিটেলছৰ হৈ এইপৰ্যন্ত ৮২খন খেলত অক্ষৰ পেটেলে  ৯৬৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৬২টা উইকেট দখল কৰিছে। বিগত দুটা চিজনত দিল্লী কেপিটেলছৰ উপ-অধিনায়কৰ দায়িত্ত আছিল অক্ষৰ। 



দিল্লী কেপিটেলছৰ অধ্যক্ষ কিৰণ কুমাৰ গান্ধীয়ে অক্ষৰ পেটেলক অধিনায়ক হিচাপে নিযুক্তি দিয়াত সুখ প্ৰকাশ কৰি কয়, অক্ষৰ পেটেলক দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে নিযুক্তি দি আমি অত্যন্ত উৎসাহিত হৈছো। ২০১৯ চনৰ পৰাই অক্ষৰ আমাৰ দলৰ অবিচ্ছেদ্য অংগ। অক্ষৰৰ নেতৃত্বত দিল্লী কেপিটেলছে নতুন উচ্চতাত উপনীত হোৱাৰ সম্ভাৱনা আছে।



 আনহাতে অধিনায়কৰ দায়িত্বৰ পিছতে অক্ষৰ পেটেলে কয়, দিল্লী কেপিটেলছৰ অধিনায়ক হোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়। মোৰ ওপৰত বিশ্বাস দেখুওৱা ফ্ৰেঞ্চাইজি আৰু সহায়ক কৰ্মচাৰীসকলৰ প্ৰতি মই কৃতজ্ঞ। যোৱা কেইবছৰমানৰ পৰা এই দলটোত মই খেলুৱৈ হিচাপে বহু কথা শিকিছো আৰু এতিয়া মই নিশ্চিত যে মই এই নতুন দায়িত্ব ল’বলৈ সাজু। আমাৰ দলটো অতি ভাৰসাম্যৰে গঢ় লৈ উঠিছে আৰু আমি এই ছিজনত আমাৰ অনুৰাগীসকলৰ বাবে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াম।


Related

TWITTER

FACEBOOK