১০ জানুৱাৰী ২০২৫- গছ কটাৰ পূৰ্বে ল'ব লাগিব ন্য়ায়ালয়ৰ অনুমতি!
বৰ্তমান সময়ত উন্নয়নৰ দোহাই দি গছ-গছনি কাটি তহিলং কৰাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে। জধে-মধে গছ-গছনি কটাৰ বিৰুদ্ধে এক নতুন নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে মুম্বাইত গছ কাটিব নোৱাৰিব। গছ কটাৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিলে মুম্বাই মেট্ৰ’ক। এতিয়াৰে পৰা মুম্বাইৰ আৰে কলনীত গছ কটাৰ পূৰ্বে আদালতৰ পৰা অনুমতি ল’ব লাগিব। কেৱল ধমক দিয়াই নহয়, উচ্চতম ন্যায়ালয়ে মুম্বাই মেট্ৰ’ক বিহিলে ১০ লাখ টকাৰ জৰিমনা। উল্লেখ্য যে ২০২৩ চনত আদালতে মুম্বাইত মেট্ৰ’ ৰে’ল প্ৰকল্পৰ বাবে ৮৪জোপা গছ কটাৰ অনুমতি দিছিল কিন্তু ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা কৰি ১৭৭জোপা গছ কাটিছিল মেট্ৰ’ই। ইয়াৰ পিছতেই এতিয়া মুম্বাই মেট্ৰ’ৰ ওপৰত খৰ্গহস্ত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।