৩০ জানুৱাৰী ২০২৫- 'বাবু, সোনকালে আহা... ' মহিলা যাত্ৰীক মেছেজ দি বিপদত UBER চালক
দিল্লীৰ এগৰাকী মহিলা যাত্ৰীক আপত্তিজনক মেছেজ কৰি বিপদত পৰিছে এজন UBER চালক। UBER চালকজনে আপত্তিজনক মেছেজ কৰা তনয়া শৰ্মা নামৰ যাত্ৰীগৰাকী হৈছে পেছাত অধিবক্তা। অধিবক্তা তনয়া শৰ্মাই UBER চালকজনৰ অভদ্ৰতা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তেওঁৰ কাহিনী শ্বেয়াৰ কৰি লিখিছে, "আমি একবিংশ শতিকাত জীয়াই আছো, কিন্তু আজিও মহিলাসকলে এনে ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই আচৰণ আজিও কিয় হয় বুজিব পৰা নাই"। ইয়াৰ পিছতে আকৌ এবাৰ মহিলাৰ সুৰক্ষা সন্দৰ্ভত বিতৰ্ক আৰম্ভ হৈছে। তনয়াই কয় যে তেওঁ UBER এপৰ জৰিয়তে কেব বুকিং কৰিছিল যদিও বুকিং কৰাৰ কেইমিনিটমানৰ ভিতৰতে ড্ৰাইভাৰে তেওঁক অশ্লীল মেছেজ পঠিয়াবলৈ আৰম্ভ কৰে। যাক তনয়াই তেওঁৰ জীৱনৰ আটাইতকৈ বিৰক্তিকৰ অভিজ্ঞতা বুলি অভিহিত কৰিছে। এই বাৰ্তাৰ সৈতে জড়িত স্ক্ৰীণ শ্বটটোও তনয়া শৰ্মা নামৰ যাত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে।
তনয়াৰ পোষ্ট ভাইৰেল হোৱাৰ লগে লগে মানুহে নিজৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে এইটো অতি লজ্জাজনক। মহিলাৰ সুৰক্ষা নিশ্চিত কৰাটো কোম্পানীসমূহৰ প্ৰধান দায়িত্ব হ’ব লাগে।
আনহাতে এই ঘটনা ভাইৰেল হোৱাৰ পিছতেই UBERৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত চালকজনক নিজৰ প্লেটফৰ্মৰ পৰা নিষিদ্ধ কৰিছে। ইয়াৰ পিছতেই তনয়াই লিখিছে যে যিসকল মানুহে মোক সমৰ্থন কৰিলে সেই সকলোকে ধন্যবাদ জনাইছো। উবেৰে চালকজনক এইকাৰণেই নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে তেওঁ আন কাৰোবাৰ লগত পুনৰ এই কাম কৰিব নোৱাৰে। কিন্তু এনেবোৰ বিষয়ক কোম্পানীসমূহে অধিক গুৰুত্বসহকাৰে লোৱাটো মই বিচাৰো।