২৯ জানুৱাৰী ২০২৫- ভয়ংকৰ দুৰ্ঘটনা!৯ ভাৰতীয়ৰ কৰুণ মৃত্যু
গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনকৈ ভাৰতীয় লোকে কৰুণ মৃত্যুক আঁকোৱালি লৈছে। চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। চৌদি আৰৱৰ জেদ্দা চহৰত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। ৯ জনকৈ ভাৰতীয় লোকে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহি পৰিছে। এই ভয়ংকৰ ঘটনাক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা শোক প্ৰকাশ কৰা হৈছে। ভাৰতীয় দূতাবাসে দুৰ্ঘটনাত পতিত হোৱাসকলৰ পৰিয়ালৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ভাৰতীয় কনছুলেট জেনেৰেলে এই হেল্পলাইন নম্বৰসমূহ প্ৰদান কৰিছে। হেল্পলাইন নম্বৰসমূহ হ'ল ৮০০২৪৪০০০৩(টোল ফ্ৰী), ০১২২৬১৪০৯৩, ০১২৬৬১৪২৭৬ আৰু ০৫৫৬১২২৩০১(ৱাটছএপ)।
এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাসকলৰ বাবে শোক প্ৰকাশ কৰিলে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে টুইটাৰত এক পোষ্টযোগে কয় যে 'সংশ্লিষ্ট পৰিয়ালসমূহৰ সৈতে যোগাযোগত থকা আমাৰ কনছুল জেনেৰেলৰ সৈতে কথা পাতিলোঁ।এই মৰ্মান্তিক পৰিস্থিতিত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে'।