ছেপ্তেম্বৰ ৯,২০২৪: আপোনাৰ ঘৰখনৰ ধনাত্মক শক্তিক বৃদ্ধি কৰিবলৈ প্ৰথম কাম হ'ব আপোনাৰ ঘৰখন চাফ-চিকুনকৈ ৰখা। তাৰোপৰি আপোনাৰ ঘৰখনৰ সাজ-সজ্জাৰেও আপুনি আপোনাৰ ঘৰৰ ধনাত্মক উৰ্জা বৃদ্ধি কৰিব পাৰে। কেনেদৰে সজালে লাভ কৰিব সুফল। তলত উল্লেখ কৰা কেইবাটাও সামগ্ৰীৰ ব্যৱহাৰেৰে আপুনি এই ক্ষেত্ৰত সহায় ল'ব পাৰে।
বগা ৰঙৰ বুদ্ধৰ মূৰ্তি : বগা ৰঙৰ বুদ্ধৰ মূৰ্তিয়ে আপোনাৰ ঘৰখনত ধনাত্মক শক্তিক বৃদ্ধি কৰে। বিশেষকৈ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত শুভ্ৰ বুদ্ধৰ মূৰ্তি ৰাখিলে সমৃদ্ধিশালী হোৱাৰ লগতে সৌভাগ্যশালী হয়।
একুৰিয়াম : ঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা একুৰিয়ামৰ জৰিয়তেও আপুনি লাভ কৰিব পাৰে ঘৰখনৰ সমৃদ্ধি। একুৰিয়ামৰ ভিতৰত চলাচল কৰা মাছে সমৃদ্ধিৰ গতিশীলতাক বুজায়। এই একুৰিয়াম আপোনাৰ ঘৰৰ উত্তৰ, উত্তৰ-পূব অথবা পূব দিশত ৰাখিলে ই ঘৰখনলৈ সমৃদ্ধি কঢ়িয়াই আনে। অৱশ্যে এই একুৰিয়াম পৰিষ্কাৰ কৰি ৰখাটো অতিকে প্ৰয়োজনীয়। সময়ে সময়ে একুৰিয়াম পৰিষ্কাৰ কৰিলে ই ঘৰখনক আৰ্থিকভাৱে সহায় কৰে। ইয়াৰ উপৰিও শুভ কৰ্মত আগবঢ়াৰ পূৰ্বে যদি একুৰিয়ামৰ মাছক আহাৰ খাবলৈ দিয়া হয় তেতিয়া কৰ্মত থকা বাধা দূৰ হয়।
তুলসী গছ: তুলসী গছক হিন্দু ধৰ্মত অতিকে পৱিত্ৰ বুলি গণ্য কৰা হয়। এই তুলসী গছ যদি ঘৰৰ উত্তৰ-পূব অথবা উত্তৰ বা পূব দিশত ৰখা হয় তেতিয়া ই সমৃদ্ধিৰ লগতে ঘৰখনলৈ সফলতা কঢ়িয়াই আনে। ইয়াৰ উপৰিও কৰ্মস্থানত জেদ প্লাণ্ট (zz plant) গছ ৰাখিলে ই সমৃদ্ধিত বহুখিনি সহায় কৰে।
দৌৰি থকা ঘোঁৰাৰ ছবি: দৌৰি থকা ঘোঁৰাৰ ছবি ব্যৱহাৰে আপোনাৰ জীৱনলৈ সফলতাৰ লগতে জনপ্ৰিয়তাৰ আগমন ঘটায়। এই দৌৰা ঘোঁৰাৰ ছবি বিশেষকৈ কাৰ্যালয়ত ৰাখিলে জীৱনত সু-ফল পোৱা যায়।
জলপ্ৰপাতৰ প্ৰতিৰূপ/প্ৰতিচ্ছবি: জলপ্ৰপাতৰ প্ৰতিৰূপ অথবা প্ৰতিছবি যদি ঘৰৰ উত্তৰ দিশত সংস্থাপন কৰা হয় ই মানসিক শান্তিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।
কুবেৰ যন্ত্ৰ: ঘৰৰ উত্তৰ দিশত কুবেৰ যন্ত্ৰৰ সংস্থাপনে ঘৰখনলৈ ধনৰ প্ৰবাহ ঘটোৱাত সহায় কৰে।