ঘৰ ৱাপসী হ'বনে ৰিপুন বৰাৰ ?

DY365
DY365
Published: September 2,2024 08:29 PM
DY365

Story highlights

২ চেপ্তেম্বৰ ২০২৪- ঘৰ ৱাপসী  হ'বনে ৰিপুন বৰাৰ ? ৰিপুন বৰাৰ সম্মুখত বাধা কি?



পুনৰ ঘৰ ৱাপসী সম্ভৱ হ'বনে প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাৰ? ২০২২ চনৰ ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পিছতেই কংগ্ৰেছ দল ত্যাগ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হাতত ধৰি তৃণমূল কংগ্ৰেছলৈ যাত্ৰা কৰিছিল ৰিপুন বৰাই। তাৰ পিছতেই লৈছিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব। কিন্ত কংগ্ৰেছ দলৰ নিছিনাকৈ তৃণমূল কংগ্ৰেছেও আমুৱালে ৰিপুন বৰাক।অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছক আদৰি নলয় বুলি অভিযোগ আনি তৃণমূল কংগ্ৰেছ দলো ত্যাগ কৰিলে বৰাই। এতিয়া চৰ্চালৈ আহিছে ৰিপুন বৰাই পুনৰ কংগ্ৰেছ দললৈ প্ৰত্যাৱৰ্তন কৰিব।



 



কিন্ত এইবাৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন সহজ হবনে ৰিপুন বৰাৰ? সেয়ে ৰিপুন বৰাৰ প্ৰত্যাৱৰ্তনৰ বিষয়টো কৌশলগতভাৱে AICC লৈ ঠেলিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।যদিহে কংগ্ৰেছ হাইকামাণ্ডে ৰিপুন বৰাক প্ৰত্যাৱৰ্তনৰ সুযোগ দিয়ে তেনেহলে ৰিপুন বৰাক পুনৰ অসম কংগ্ৰেছলৈ আদৰাত আপত্তি নাই বুলি মন্তব্য ভূপেন বৰাৰ। কিন্ত ৰিপুন বৰাৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন সহজ হবনে?



 


Related

TWITTER

FACEBOOK