১৭ অক্টোবৰ ২০২৪- আজি কাতি বিহু। পথাৰৰ সোণগুটিক লৈ সপোন ৰচিব কৃষকে।
“তুলসীৰ তলে তলে মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে”
আজি অসমীয়া জাতীয় জীৱনৰ অন্যতম প্ৰাণস্পন্দন কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত কৃষক ৰাইজৰ ভঁৰাল প্ৰায় উদং হৈ থাকে আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। চহা জীৱনৰ অভাৱ-অনাটনৰে ভৰা এই সময়খিনিত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাতি বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰত আৰু চোতালৰ চাৰিওফালে চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কাতি বিহু অনুষ্টুপীয়াকৈ পালন কৰা হয়।ৰঙালী আৰু ভোগালী বিহুৰ নিচিনাকৈ কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য নাথাকে।
কাতি বিহুৰ এই সময় হৈছে পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ। যাৰ বাবে খেতিয়কসকলে খেতিপথাৰত শস্যৰ মংগল কামনা কৰি ঘৰলৈ লখিমীক আদৰাৰ বাবে খেতিপথাৰত চাকি জ্বলাই। অৱশ্যে চাকি জ্বলোৱাৰ এক বিজ্ঞানসন্মত কাৰণো আছে। আহিন-কাতি মাহত পোক বৰ বেছি হয়। পথাৰ আৰু ঘৰে ঘৰে চাকি জ্বলোৱাৰ ফলত ৰাতি প্রজ্বলিত চাকিৰ শিখাত পৰি কিছু হ’লেও পোকৰ মৃত্যু হয়, যাৰ ফলত কৃষকৰ কিছুপৰিমানে শস্য ৰক্ষা হয়।
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম।এই সময়ত যদিও কৃষকৰ ভঁৰাল উদং হয়, তথাপিও কৃষকে এই সময়তেই পথাৰৰ সোণগুটিক লৈ সপোন ৰচে।যাৰ বাবে কঙালী বিহু আমাৰ আপোন, আমাৰ বাপতিসাহোন।