১৭ ডিচেম্বৰ,২০২৪- অশনি সংকেত! বিপদত দীপৰ বিল!
দীপৰ বিললৈ নামিছে অশনি সংকেত। গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা স্থাপিত ডাম্পিং গ্রাউণ্ডে সংকট নমাইছে দীপৰ বিললৈ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই বেআইনীভাৱে পশ্চিম বৰাগাওঁৰ বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডত জ্বলি থকাৰ ফলত দীপৰ বিলৰ জৈৱবৈচিত্ৰ আৰু বৃহত্তৰ অঞ্চলবাসীৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে। পৌৰনিগমৰ হেমাহি আৰু চৰম গাফিলতিৰ বাবেই এই জুই জ্বলি থকাৰ অভিযোগ। উল্লেখ্য যে বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবেই প্ৰদূষণ বাঢ়িছে দীপৰ বিলত। বিভাগৰ কাণ্ডজ্ঞানহীনতাই ক্ৰমাৎ দীপৰ বিলৰ সমীপৰ বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে পশুধনক মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
একেসময়তেই দীপৰ বিলৰ দাঁতি তথা ৰাণী গড়ভাঙ্গা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে আজাৰাৰ পৰা তেতেলীয়া লৈ পুনৰ এটি ৰে’ল পথ নিৰ্মাণৰ বাবে জৰীপ সম্পূৰ্ণ কৰা হৈছে। এই ৰে’ল পথে সমগ্ৰ অঞ্চলৰ জৈৱ বৈচিত্র্য, ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ জীৱন জীৱিকাৰ প্রতি তীব্র ভাবুকি কঢ়িয়াই অনাৰ অভিযোগেৰে সৰৱ হৈ পৰিছে দীপৰ বিল সুৰক্ষা মঞ্চ। আনহাতে বিলৰ সমীপৰ দুটাকৈ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ দাবী জনাইছে দীপৰ বিল সুৰক্ষা মঞ্চই। ইয়াৰ অন্যথা আন্দোলনৰ হুংকাৰ আৰু ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ হুংকাৰ দীপৰ বিল সুৰক্ষা মঞ্চৰ।