অসমটো প্ৰভাৱ পৰিব নেকি কাল ঘূর্ণী য়াগীৰ ?

DY365
DY365
Published: September 22,2024 02:22 PM
DY365

Story highlights

৩০০ কিলোমিটাৰৰো অধিক গতিবেগেৰে আহি আছে য়াগী

ছেপ্টেম্বৰ ২২,২০২৪: প্ৰচণ্ড গৰমে দহিছে ৰাজ্য়বাসীক। উৎকত গৰমৰ পাছতে ৰজ্যবাসীয়ে সন্মুখীন হ'ব পাৰে কাল ঘূৰ্ণী য়াগীৰ। ৩০০ কিলোমিটাৰৰো অধিক গতিবেগেৰে আহি আছে য়াগী। দেশৰ অন্যান্য় প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা য়াগীৰ।



২৪ ঘন্টাৰ ভিতৰত দেশৰ কেইবাটাও স্থানত সন্ত্ৰাস চলাব পাৰে য়াগীয়ে। উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু উত্তৰাখণ্ডত য়াগীৰ  যথেষ্ট প্ৰভাৱৰ সম্ভাৱনা আছে। ধাৰাসাৰ বৰষুণ, ধুমুহাই তচনচ কৰিব পাৰে কেইবাখনো ৰাজ্য। উত্তৰ-পূবৰ লগতে অসমতো য়াগীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা যায়। ইতিমধ্যে দেশৰ পূব-মধ্য আৰু উত্তৰ ৰাজ্যসমূহত আৰম্ভ হৈছে ৱৰষুণ।



প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা কাল ঘূৰ্ণী য়াগীয়ে ল'ব পাৰে কালৰূপ। কাল ঘূৰ্ণী য়াগীক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰাৰ লগতে অহা ২ দিনলৈ উত্তৰ প্ৰদেশত য়াগীৰ পূৰ্ণ প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰে। মুষলধাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বিভিন্ন জিলাত বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আগন্তুক ২৩ তাৰিখলৈ দেশৰ ১৩খন ৰাজ্যত মুষলধাৰ বৰষুণৰ সম্ভাৱনা দেখা গৈছে।



ইয়াৰ উপৰিও দুৰ্গা পূজাৰ আগে আগে কাল ঘূৰ্ণী য়াগীয়ে সন্ত্ৰাস চলোৱাৰ সম্ভাৱনা আছে।


Related

TWITTER

FACEBOOK