পৰীক্ষাৰ এদিন পূৰ্বে পিতৃক হেৰুৱা মনজিতে আজুৰি আনিলে সফলতা

DY365
DY365
Published: May 9,2024 08:59 PM
DY365

Story highlights

পৰীক্ষাৰ আগদিনা মৃত্যু হয় মনজিতৰ দেউতাকৰ।বৈদিক পৰম্পৰা অনুসৰি নিয়ম মানি একমাত্ৰ দৃঢ় মনোবলৰ বাবেই চুৰীয়া চেলেং পৰিধান কৰি উপবাসত থাকিয়েই  উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱৰ্তীন হৈছিল মনজিত ।

৯ মে’ ২০২৪ : পিতৃৰ মুখাগ্নি কৰিয়েই পৰীক্ষাত অৱৰ্তীন হৈ সুন্দৰ ফলাফলেৰে অসম্ভৱকো সম্ভৱ কৰিলে দেৰগাঁও মিছামৰাৰ মনজিতে ।মনৰ দৃঢ়তা আৰু লক্ষ্য অব্যৰ্থ হ'লেই হৈ উঠে  সেয়া সম্ভৱ। এয়া কৰি দেখুৱালে দেৰগাঁৱৰ মিছামৰা দুলীয়া গাঁৱৰ মনজিত বৰাই।



বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলত তিনিটা বিষয়ত লেটাৰ সহ উৰ্ত্তীণ হ'ল মনজিত। উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ মনজিতৰ দেউতাকে যেনে তেনে চলায় আছিল পৰিয়ালটো। কিন্তু হঠাতেই দেউতাকৰ শৰীৰত ধৰা পৰিছিল দুৰাৰোগ্য ব্যাধি। চিকিৎসা কৰি কৰি সকলো হেৰুৱালে পৰিয়ালটোৱে।



পৰীক্ষাৰ আগদিনা মৃত্যু হয় মনজিতৰ দেউতাকৰ।বৈদিক পৰম্পৰা অনুসৰি নিয়ম মানি একমাত্ৰ দৃঢ় মনোবলৰ বাবেই চুৰীয়া চেলেং পৰিধান কৰি উপবাসত থাকিয়েই  উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱৰ্তীন হৈছিল মনজিত। বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফলত একমাত্ৰ দৃঢ়তা আৰু মনোবলৰ বাবেই আশাপ্ৰদ ফলাফল লাভ কৰিলে মনজিতে। মনজিতৰ এই ফলাফল এক আদৰ্শস্বৰূপ হৈ পৰিছে গাঁওখনত। দুলীয়া গাঁৱত এতিয়া মনজিতৰ ফলাফলক কেন্দ্ৰ কৰি উঠিছে আনন্দৰ জোৱাৰ । 
 


Related

TWITTER

FACEBOOK