ভোগালী বিহুৰ পূৰ্বে প্ৰশাসনৰ SOP

DY365
DY365
Published: January 10,2025 07:10 PM
DY365

Story highlights

ভোগালী বিহুৰ পূৰ্বে প্ৰশাসনৰ SOP

১০ জানুৱাৰী ২০২৫-  ভোগালী বিহুৰ পূৰ্বে প্ৰশাসনৰ SOP 
পদুলিমুখত হেঁপাহৰ ভোগালী বিহু। ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতিৰে ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। পথাৰৰ পৰা নৰা কাটি, বাঁহ আনি ভেলাঘৰ নিৰ্মাণত ব্যস্ত গাঁৱৰ ডেকা -বুঢ়া। ভোগালীৰ আনন্দত উগুল-থুগুল হৈ পৰিছে প্ৰতিজন অসমীয়াৰ মন।  ইয়াৰ মাজতেই ভোগালী বিহুক লৈ প্ৰশাসনে জাৰি কৰিছে ভোগালী বিহুৰ নতুন SOP। বিহুৰ বতৰত অসাধু ব্যৱসায়ীসকলক নাকী লগাবলৈ সাজু হৈছে চৰকাৰ আৰু প্ৰশাসন। বিহুৰ সুবিধা লৈ সামগ্ৰীসমূহৰ অত্যধিক দাম ল’লেই বিপদত পৰিব ব্যৱসায়ী। মাছ, মাংস, গাখীৰ বিক্ৰী কৰোতে দোকানীয়ে জোখতকৈ বেছি দাম ল’ব নোৱাৰিব। ইয়াৰোপৰি গ্ৰাহকক ভেজাল মাছ, মাংস দিলেও বিপদ বাঢ়িব দোকানীৰ। ভোগালীৰ প্ৰতিখন বজাৰত চোকা নজৰ ৰাখিব প্ৰশাসনৰ বিশেষ দলে। জিলা আয়ুক্তৰ নেতৃত্ৱত প্ৰতিখন জিলাতে গঠন কৰা হৈছে এই বিশেষ দল। অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে বজাৰে বজাৰে প্ৰশাসনৰ বিশেষ দলে চলাব অভিযান। গতিকে ভোগালী বিহুৰ এই সময়ছোৱাত অসাধু ব্যৱসায়ীসকল সাৱধান হওক।


Related