১১ তাৰিখে ১১ বজাত মবাইললৈ আহিব টকা সোমোৱাৰ মেছেজ।

DY365
DY365
Published: October 6,2024 04:13 PM
DY365

Story highlights

১১ তাৰিখে ১১ বজাত মবাইললৈ আহিব টকা সোমোৱাৰ মেছেজ।

 ৬ অক্টোবৰ,২০২৪ -  ১১ তাৰিখে ১১ বজাত মোবাইললৈ আহিব টকা সোমোৱাৰ মেছেজ।



অসমত স্ত্ৰী-শিক্ষাৰ উত্তৰণত সংযোজিত হ’ল মুখ্যমন্ত্ৰীৰ 'নিযুত মইনা আঁচনি'। বাল্য বিবাহ প্ৰতিৰোধৰ লগতে আৰ্থিক দূৰাৱস্থাৰ বাবে আধাতেই অধ্যয়ন  সামৰা ছাত্ৰীসকলে 'নিযুত মইনা আঁচনি'ৰ দ্বাৰা উপকৃত হব- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰে পৰা প্ৰতি মাহৰ ১১ তাৰিখে ১১ বজাত ছাত্ৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ এই আঁচনিৰ ধণ সোমাব। কিন্তু এই আঁচনিৰ ধণ লাভ কৰিবলৈ হলে ছাত্ৰীসকলে নিয়মীয়াকৈ শ্ৰেণীকোঠাত উপস্থিত থাকিব লাগিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। লগতে কলেজ বন্ধ থকা দুমাহত  শিক্ষাৰ্থীসকলে এই আচনিৰ ধন নাপাব আৰু আধাতে পঢ়া সামৰা ছাত্ৰীসকলেও এই আঁচনিৰ ধন নাপাব। এই আচনিৰ সুবিধা পাবলৈ ছাত্ৰীসকলৰ কোনো ধৰণৰ অভিযোগ থাকিব নালাগিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানতেই বিৰোধীৰ সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে মই  হিতাধিকাৰী নহয়, মানৱ সম্পদ সৃষ্টি কৰিব বিছাৰিছো।


Related

TWITTER

FACEBOOK