অসম পালেহি মাৰাত্মক ৰোগ গিলান বাৰে ছিনড্ৰম!

DY365
DY365
Published: January 30,2025 06:02 PM
DY365

Story highlights

অসম পালেহি মাৰাত্মক ৰোগ গিলান বাৰে ছিনড্ৰম!

৩০ জানুৱাৰী ২০২৫- অসম পালেহি মাৰাত্মক ৰোগ গিলান বাৰে ছিনড্ৰম!



বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পিছত এইবাৰ দেশত পুনৰ আতংকৰ সৃষ্টি কৰিছে আন এবিধ ৰোগে। দেশজুৰি আতংকৰ সৃষ্টি কৰা এই নতুন ৰোগবিধৰ নাম হৈছে গিলান বাৰে ছিনড্ৰম। ইতিমধ্যে দেশজুৰি বহু শিশু-কিশোৰী আক্ৰান্ত হৈছে এই গিলান বাৰে ছিনড্ৰমত। এই মাৰাত্মক ৰোগত আক্ৰান্ত ৪ গৰাকী শিশু-কিশোৰৰ ইতিমধ্যে মৃত্যু হৈছে। মৃত্যু হোৱা শিশু কেইটা হৈছে মহাৰাষ্ট্ৰৰ আৰু পশ্চিম বংগৰ। বুধবাৰৰ নিশা পৰ্যন্ত ভাৰতত ১২৭জনৰ লোকৰ শৰীৰত এই ৰোগৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। 'গিলান বাৰে ছিনড্ৰম'ত আক্ৰান্ত ২০জন লোকক ভেণ্টিলেশ্যনত ৰখা হৈছে। এই ৰোগত আক্ৰান্ত হ’লে মস্তিষ্ক আৰু মেৰুদণ্ডৰ স্নায়ু দুৰ্বল হৈ পৰে। লগতে কেইঘণ্টামানৰ ভিতৰতে ৰোগীৰ শৰীৰত পক্ষাঘাত আৰম্ভ হয়। আনহাতে ৰোগীৰ মুখৰ পৰা অনবৰতে লেলাৱতী ওলাবলৈ আৰম্ভ কৰে আৰু কিছু সময়ৰ ভিতৰতে ৰোগীয়ে উশাহ-নিশাহ লোৱাত অসুবিধা পায়। 



আনহাতে অসমতো ধৰা পৰিছে গিলান বাৰে ছিনড্ৰমত আক্ৰান্ত প্ৰথমজন ৰোগী। গুৱাহাটীৰ এটি শিশুৰ শৰীৰত ধৰা পৰিছে এই ৰোগ। গতিকে এই ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বেই সাৱধানতা অৱলম্বন কৰক।


Related

TWITTER

FACEBOOK