বিৰোধীত বিভাজন! সভাপতি পদ ত্যাগ ভূপেন বৰাৰ।

DY365
DY365
Published: October 23,2024 03:32 PM
DY365

Story highlights

বিৰোধীত বিভাজন! সভাপতি পদ ত্যাগ ভূপেন বৰাৰ।

২৩ অক্টোবৰ,২০২৪-  বিৰোধীত বিভাজন! সভাপতি পদ ত্যাগ ভূপেন বৰাৰ। 



উপনিৰ্বাচনৰ পূৰ্বে বিভাজন ঘটিল বিৰোধী ঐক্য তথা অসম সন্মিলিত মৰ্চাত। বিহালী সমষ্টিক লৈ চলা টিকটকেন্দ্ৰিক সংঘাটৰ বাবেই অৱশেষত অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰিলে ভূপেন বৰাই। প্ৰথম অৱস্থাত কংগ্ৰেছে বিহালী সমষ্টি অসম সন্মিলিত মৰ্চাক এৰি দিছিল যদিও বিহালীৰ তৃণমূল কৰ্মীৰ অনুৰোধত সাংসদ গৌৰৱ গগৈয়ে ইয়াৰ বিৰোধিতা কৰি কংগ্ৰেছ দলৰ নিজা প্ৰাৰ্থী দিবলৈ উঠিপৰি লাগিছিল।
ইয়াৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিবেক দাসৰ নাম চৰ্চাত আছিল। কিন্তু শেহতীয়াকৈ বিবেক দাসৰ টিকটৰ বিৰোধিতা কৰে কংগ্ৰেছে। বিবেক দাসৰ বিপৰীতে আন কোনো শক্তিশালী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কংগ্ৰেছে অসম সন্মিলিত মঞ্চক দাবী কৰে। উল্লেখ্য যে বিহালী সমষ্টিৰ উমৈহতীয়া প্ৰাৰ্থী বাচনিৰ  বাবে গঠন কৰা হৈছিল ৫ জনীয়া কমিটী। কিন্তু ৫ জনীয়া কমিটীয়ে প্ৰেৰণ কৰা প্ৰস্তাৱ এআইচিচিৰ সাধাৰণ সম্পাদক আৰু প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কে গ্ৰহণ কৰা নাই। অৱশেষত সমষ্টিটোক লৈ সৃষ্টি হোৱা  এনে অবাঞ্চিত পৰিস্থিতিত চৰম অস্বস্তিত পৰিছে অসম কংগ্ৰছৰ সভাপতি ভূপেন বৰা।সেয়ে সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদকলৈ পত্র লিখি অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলে ভূপেন বৰাই।


Related

TWITTER

FACEBOOK