কন্যাৰ সফলতা নেদেখাকৈয়ে গুছি গ’ল পিতৃ,১৩ দিন পূৰ্বে পিতৃক হেৰুৱা পম্পীয়ে লাভ কৰিলে ৯৩.৬০% শতাংশ নম্বৰ

DY365
DY365
Published: May 9,2024 08:21 PM
DY365

Story highlights

‘দেউতা থকা হেতেন আজি বহুত সুখী হ'ল হেতেন আজি’, ‘দেউতাই দি যোৱা সাহসেৰে সদায় আগবাঢ়ি যাম’

৯ মে’ ২০২৪ : ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।  ১৩ দিন পূৰ্বে পিতৃক হেৰুৱা দুখৰ মাজতে বিশ্বনাথ চাৰিআলিৰ লেহুগাৱৰ পম্পী মহন্ত‌ লৈ আহিল এটি সুখৰ খবৰ।  উচ্চ মাধ্যমিকৰ কলা শাখাত ৯৩.৬০% শতাংশ নম্বৰ লাভেৰে সফলতা লাভ কৰিলে পম্পিয়ে। 




এফালে আনন্দৰ জোৱাৰ আনফালে পিতৃক হেৰুওৱা বেদনা। ‘দেউতা থকা হেতেন আজি বহুত সুখী হ'ল হেতেন আজি’, ‘দেউতাই দি যোৱা সাহসেৰে সদায় আগবাঢ়ি যাম’ বুলিও পিতৃক সুৱৰি এইদৰে মন্তব্য কৰিলে পম্পীয়ে।  




এফালে মূখত প্ৰাপ্তিৰ হাঁহি আনফালে পিতৃৰ স্মৃতিয়ে চকুলো .পিতৃক হেৰুও ১৩ দিন হৈছে আৰু আজি আছিল সকাম। ভগ্নীৰ ফলাফলত উচুপি উঠি জেষ্ঠ ভগ্নীয়ে ক'লে,‘দেউতাই পম্পীৰ ৰিজাল্টৰ কথা সদায় শুধিছিল কিন্তু দেউতাক তাইৰ ৰিজাল্টৰ খবৰ দিব নোৱাৰা দুখ সদায় থাকি যাব’  
 


Related

TWITTER

FACEBOOK