২৭ জানুৱাৰী ২০২৫- মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি! ন- ৰূপত জিলিকিব ডিব্ৰুগড় চহৰ
গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড় জিলাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। সদ্যঘোষিত ডিব্ৰুগড় মহানগৰক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ৬টাকৈ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বাস্তৱ প্ৰতিফলন হলে নতুন ৰূপত জিলিকিব উজনি অসমৰ ডিব্ৰুগড় চহৰ। অসমৰ দ্বিতীয়খন ৰাজধানীৰূপে গঢ়ি তোলা হ’ব ডিব্ৰুগড় মহানগৰীক। ২০২৭ চনৰ পৰা প্ৰতি বছৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন। ইয়াৰ বাবেই সম্প্ৰসাৰণ কৰা হ’ব ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ো। লগতে ডিব্ৰুগড়ত শীঘ্ৰেই আৰম্ভ কৰা হ’ব বিধায়ক ক’লনী নিৰ্মাণৰ কাম। আনহাতে ডিব্ৰুগড়বাসীয়ে পাব ৪খনকৈ উৰণ সেঁতু। মানকটা, আমোলাপট্টি, লাহোৱাল আৰু লেজাইত নিৰ্মাণ হ’ব এই উৰণ সেঁতুসমুহ। আমোলাপট্টিত ১৪৭৯ মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেঁতুৰ বাবে ১৫৮ কোটি টকা, লাহোৱালত ১৪৮৬ মিটাৰ দৈৰ্ঘ্যৰ সেঁতুৰ বাবে ৭২ কোটি টকা, মানকটাত ৮১৪ মিটাৰ দৈৰ্ঘ্যৰ সেঁতুৰ বাবে ৮৪ কোটি টকা আৰু লেজাইত ৬৫১ মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেঁতুৰ বাবে ৬২ কোটি টকা ধাৰ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আনহাতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়-গুৱাহাটীসংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰো কাম সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ দিনাই মন্তব্য কৰিছে।