ৰাজ্যত নিষিদ্ধ ম'হ আৰু বুলবুলি চৰাইৰ যুঁজ

DY365
DY365
Published: December 18,2024 05:44 PM
DY365

Story highlights

ৰাজ্যত নিষিদ্ধ ম'হ আৰু বুলবুলি চৰাইৰ যুঁজ

১৮ ডিচেম্বৰ,২০২৪-  ৰাজ্যত নিষিদ্ধ ম'হ আৰু বুলবুলি চৰাইৰ যুঁজ
আহতগুৰি আৰু হাজোত দেখিবলৈ নাপাব পৰম্পৰাগত ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। চৰকাৰৰ SOP ক অবৈধ ঘোষণা কৰি উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ৰাজ্যত পুনৰ নিষিদ্ধ হ'ল ম'হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। উচ্চতম ন্যায়ালয়ৰ ৰায়ক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে ম'হ আৰু বুলবুলি যুঁজৰ অনুমতি দিছিল। ২০২৩ চনৰ‌ ২৭ ডিচেম্বৰত চৰকাৰৰ SOPৰ জৰিয়তে নগাঁৱৰ আহতগুৰি আৰু কামৰূপৰ হাজোত অনুষ্ঠিত হৈছিল বুলবুলি চৰাইৰ যুঁজ। কিন্তু এইবাৰ মাঘ বিহুত এই দুই পৰম্পৰাগত খেল পাতিব নোৱাৰিব আয়োজক কমিটিয়ে। এই ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ৰ স্পষ্ট কথা চৰকাৰৰ SOP উচ্চতম ন্যায়ালয়ৰ লগতে দুখন কেন্দ্ৰীয় আইনৰো পৰিপন্থী। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছত এতিয়া অসম চৰকাৰে এতিয়া প্ৰবৰ্তন কৰিব পাৰে নতুন আইন। কিন্তু বুলবুলি এবিধ বনৰীয়া চৰাই। আইনমতে বনৰীয়া চৰাই চিকাৰ কৰিব নোৱাৰে।একেদৰে ম'হ যুঁজ হ'লে ম'হ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বহু সময়ত ম'হৰ‌ মৃত্যুও হয়।যিটো Prevention of Cruelty To Animals আইনৰ পৰিপন্থী।অধিবক্তাৰ মতে এই দুটা কাৰণত চৰকাৰে আইন আনিলেও নাকচ হোৱাৰ সম্ভাৱনা বেছি। যাৰ পৰিপ্ৰেক্ষিতত কব পাৰি অসমত আৰু কেতিয়াবা সম্ভৱ নহয় ম'হ আৰু বুলবুলি চৰাইৰ যুঁজ।‌


TWITTER

FACEBOOK