দুই মেৰুত ভূপেন-গৌৰৱ ।পদত্যাগৰ সিদ্ধান্ত ভূপেন বৰাৰ!

DY365
DY365
Published: October 20,2024 06:23 PM
DY365

Story highlights

দুই মেৰুত ভূপেন-গৌৰৱ ।পদত্যাগৰ সিদ্ধান্ত ভূপেন বৰাৰ!

২০ অক্টোবৰ,২০২৪- দুই মেৰুত ভূপেন-গৌৰৱ ।পদত্যাগৰ সিদ্ধান্ত ভূপেন বৰাৰ!
ৰাজ্যত উপ-নিৰ্বাচনৰ বতাহ বলাৰ সময়তে প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতত বিধ্বস্ত হৈছে বিৰোধী। ৫ সমষ্টিৰ উপ নিৰ্বাচনত বিহালী সমষ্টি কংগ্ৰেছে মিত্ৰদলক এৰি দিয়াক লৈ দুই মেৰুত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ।কোনোপধ্যে বিহালী বিধানসভা সমষ্টি অন্য দলক এৰি দিয়াৰ পক্ষপাতী নহয় গৌৰৱ গগৈ আৰু বিহালী সমষ্টিৰ তৃণমূল কৰ্মী।বিহালী সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে সমূহীয়া পদত্যাগৰ হুংকাৰেৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে বিহালী কংগ্ৰেছে। আনহাতে বিহালী সমষ্টিতো কংগ্ৰেছে অসম সন্মিলিত মঞ্চৰ আন দলক এৰি নিদিলে অসম সন্মিলিত মঞ্চত যে বিভাজন আহিব সেয়াও একপ্ৰকাৰ খাটাং। 
খবৰ অনুসৰি বিহালীত কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰিছে। কংগ্ৰেছে নিজা প্ৰাৰ্থী দিলেই থানবান হৈ পৰিব অসম সন্মিলিত মঞ্চ।গতিকে অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত APCCৰ সভাপতি ভূপেন বৰাৰ। আনহাতে কংগ্ৰেছ দলৰ এই  সিদ্ধান্তৰ পিছতেই অখিল গগৈ ,লুৰীণজ্যোতি গগৈ আৰু  অসম সন্মিলিত মঞ্চৰ স্থিতি কি হ'ব সেয়া হ'ব লক্ষণীয়।


Related

TWITTER

FACEBOOK