সাৱধান!শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব ভুৱা হিতাধিকাৰী!

DY365
DY365
Published: January 9,2025 09:11 PM
DY365

Story highlights

সাৱধান!শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব ভুৱা হিতাধিকাৰী!

৯ জানুৱাৰী ২০২৫- সাৱধান!শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব ভুৱা হিতাধিকাৰী!
প্ৰধানমন্ত্ৰী কৃষক সন্মান আচঁনিৰ ধন আত্মসাৎ কৰা ভুৱা হিতাধিকাৰীসকল সাৱধান হওক। কাৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালত অৱমাননা গোচৰৰ নিৰ্দেশ দিয়াৰ পিছতে তৎপৰ হৈছে ৰাজ্য চৰকাৰ। এইপৰ্যন্ত প্ৰধানমন্ত্ৰী কৃষক সন্মান আচঁনিৰ ধন আত্মসাৎ কৰি ঘুৰাই নিদিয়া ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে একচন লব চৰকাৰে! শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে কৃষক সন্মান আচঁনিৰ ধন ঘুৰাই নিদিয়া ভুৱা হিতাধিকাৰীসকল। 
উল্লেখ্য যে আমগুৰি নৱনিৰ্মান সমিতিয়ে বহুকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ গোচৰ তৰিছিল। আমগুৰি নৱ নিৰ্মাণ সমিতিৰ গোচৰৰ ভিত্তিতেই চৰকাৰক উচ্চ ন্যায়ালয়ে দোষী বিষয়া আৰু ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে একচন ল'বলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতেই চৰকাৰেও একচন লোৱা হ'ব বুলি ন্যায়ালয়ক জনাইছিল। কিন্তু আজিলৈ চৰকাৰে ন্যায়ালয়ক দিয়া কথা মতে একো নকৰিলে। যিটো বিষয়ত এক গোচৰৰ জৰিয়তে এনজিঅ'টোৱে ন্যায়ালয়ক জনোৱাৰ পিছতেই ন্যায়ালয়ে গোচৰীয়াক চৰকাৰৰ বিৰুদ্ধে আদালত অবমাননাৰ গোচৰ তৰিবলৈ নিৰ্দেশ দিছে। আৰু এই নিৰ্দেশৰ পিছতেই এতিয়া ভুৱা কৃষকৰ বিৰুদ্ধে একচন ল'বলৈ  তৎপৰ হৈছে চৰকাৰ। বৰ্তমানলৈকে তথ্য অনুসৰি ৰাজ্যত অযোগ্য হিতাধিকাৰীৰ সংখ্যা ৮,৪৪,৬৭২ জন। লগতে অযোগ্য কৃষকক দিয়া ধনৰ পৰিমাণ হৈছে ৫৬৭,৪১,৪৬,০০০ টকা। আনহাতে চৰকাৰী তথ্য অনুসৰি ২২৩৩ গৰাকী কৃষকে এইপৰ্যন্ত চৰকাৰক ধন ঘুৰাই দিছে।  
 কিন্তু এতিয়া প্ৰশ্ন হৈছে ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কিয় একচন নহ'ল ভুৱা কৃষক সৃষ্টিত সহায় কৰা বিষয়াৰ বিৰুদ্ধে ?বিষয়াসকলক নিলম্বনতেই কিয় ক্ষান্ত থাকিল ৰাজ্য চৰকাৰ?


Related