অৰুণোদয় ৩.০ । কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা-

DY365
DY365
Published: September 19,2024 01:34 PM
DY365

Story highlights

অৰুণোদয় ৩.০ । কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা-

১৯ ছেপ্তেম্বৰ,২০২৪-   



অৰুণোদয় ৩.০ । কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা-



আপুনিও লাভ কৰি আছে নেকি অৰুণোদয় আচনিৰ ধন?  যদি লাভ কৰি আছে তেনেহ’লে অৰুণোদয় আচনিৰ সুবিধা লাভ কৰি থাকিবলৈ আপুনি নতুনকৈ পুনৰ আৱেদন কৰিব লাগিব। নতুনকৈ ১৯ লাখ ৯২ হাজাৰ ১৬৭গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব এই আচনিৰ সুবিধা। অৰুণোদয় ৩.০ আঁচনিৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনাসমূহ হ’ল- 
অৰুণোদয় আচনিৰ ধন লাভ কৰিবলৈ আপোনাৰ ঘৰত থাকিব লাগিব ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ বাবে আৱেদন কৰিব নোৱাৰিব। তৃতীয় লিংগ, বিশেষভাৱে সক্ষম মহিলা, অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলা, ৰুগীয়া মহিলা, বৃদ্ধ মহিলায়ো এই আঁচনিৰ বাবে আৱেদন কৰিব পাৰিব। লগতে আৱেদনকাৰীৰ মুঠ বাৰ্ষিক উপাৰ্জন ২ লাখতকৈ কম হ’ব লাগিব। কিন্ত আপোনাৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰিব। নিয়মীয়া চৰকাৰী কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী আৰু চৰকাৰী পেঞ্চনাৰ কৰ্মচাৰীৰ পৰিয়ালেও এই সুবিধাৰ পৰা বঞ্চিত হ’ব।


Related

TWITTER

FACEBOOK