হিংসা, বিদ্বেষ, চোৰ ডকাইতেৰে ভৰপুৰ দেশত এখন ব্যতিক্ৰমী গাওঁ

DY365
DY365
Published: March 14,2025 04:15 PM
DY365

Story highlights

হিংসা, বিদ্বেষ, চোৰ ডকাইতেৰে ভৰপুৰ দেশত এখন ব্যতিক্ৰমী গাওঁ

১৪ মাৰ্চ, ২০২৫- হিংসা, বিদ্বেষ, চোৰ ডকাইতেৰে ভৰপুৰ দেশত এখন ব্যতিক্ৰমী গাওঁ



হিংসা, বিদ্বেষ, চোৰ ডকাইতেৰে ভৰপুৰ দেশতো আছে এখন ব্যতিক্ৰমী গাওঁ। কংক্ৰিটৰ জোখেৰে গাঁওখন উন্নত নহয় যদিও গাওখনৰ মানুহবোৰ বৰ সুখী। কিন্তু বৰ্তমান সময়তো ক'ত আছে এনেকুৱা গাওঁ? আজি আমি আপোনালোকক জনাম এই ব্যতিক্ৰম গাঁওখনৰ বিষয়ে। 



ওপৰত উল্লেখ কৰা এই ব্যতিক্ৰমী গাওঁখন আছে আমাৰ ৰাজ্যতে। গাওঁখন হৈছে গহপুৰৰ ডুবিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কাৰ্বি গাঁও। ১৯৫০ চনতে স্থাপিত হৈছিল এই গাওঁখন। স্থাপনৰ পিছৰে পৰা বিগত ৭০ বছৰে গাওঁখনত নাই কোনোধৰণৰ কেচ-মোকৰ্দমা। কাৰ্বি গাৱত এইপৰ্যন্ত সংঘটিত হোৱা নাই কোনোধৰণৰ অপৰাধ। অৰ্থাত বিগত ৭০ বছৰত আৰক্ষীয়ে ভৰি দি পোৱা নাই গাঁওখনত। গাঁওখন অনুন্নত যদিও মানুবোৰ কিন্তু বহুতেই সুখী। প্ৰায় ৮০ৰ পৰা ১০০টা পৰিয়ালে বসবাস কৰা গহপুৰৰ কাৰ্বি গাৱত আছে কেৱল মিলাপ্ৰীতি আৰু ভাতৃত্ববোধ৷


Related

TWITTER

FACEBOOK