ট্ৰেডিংতকৈও দ্ৰুত গতিত কোটি কোটি টকা উপাৰ্জন আলকটৰাৰ বেপাৰীৰ

DY365
DY365
Published: September 24,2024 03:08 PM
DY365

Story highlights

হঠাৎ সলনি হয় লাইফ ষ্টাইল, ললে দামী গাড়ী , ললে কেইবা স্থানত মাটি সলনি হল চলন , ফুৰণ।

ছেপ্টেম্বৰ ২৩,২০২৪: শোণিতপুৰৰ ঠেলামৰাত ট্ৰেডিংতকৈও দ্ৰুত গতিত মাহত কোটি কোটি টকা উপাৰ্জন কৰি বিলাসী জীৱন কটোইছিল আলকটৰাৰ বেপাৰীয়ে।  চোৰাং দুইনম্বৰী ব্যৱসায়ৰে কোটি কোটি টকা উপাৰ্জন কৰি বিলাসী জীৱন কটোৱা আলকটৰাৰ বেপাৰী এতিয়া পলাত।



উল্লেখযোগ্য যে এইটো দুইনম্বৰীৰ মাষ্টাৰ মাইণ্ড তফজ্জুল হকৰ নাছিল কেইবা লাখ টকীয়া গাড়ী নাছিল  সা- সম্পত্তি । কিন্ত হঠাৎ সলনি হয় তফাজ্জুলৰ লাইফ ষ্টাইল , ললে দামী গাড়ী , ললে কেইবা স্থানত মাটি সলনি হল চলন , ফুৰণ।



গাভৰু নদীৰ সমিপত থকা নাথ ধাবা নামৰ এই ধাবাখনৰ চৌহদৰ পৰাই চোৰাং বেপাৰ আৰম্ভ কৰা তফজ্জুলৰ সলনি হল ভাগ্য। দিনে ৰাতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত চলিছিল ক’লা আলকতৰা আৰু চোৰাং তেলৰ ৰম ৰমৰমীয়া বেহা। আৰক্ষী , দল সংগঠন, সকলোকে মেনেজ কৰি চলি থকা এই চোৰাং কাৰবাৰ অৱশেষত আৰক্ষীয়েই ৰাইজৰ অভিযোগৰ ভিত্তিত উৎখাত কৰিলে এইটো চোৰাং ঘাটি ৷



অৱশেষত আটক এই চক্ৰৰ লগত জড়িত ঠেলামৰাৰ কাঠনিবাৰী গাঁৱৰ জয়নাল আবদিন ।  জব্দ হ'ল ১৯টাকৈ আলকটৰা ভৰ্তি ড্ৰাম ৷  কিন্তু এতিয়াও পলাতক সম্পত্তিৰ পাহাৰ গঢ়া মাষ্টাৰ মাইণ্ড তফজুল ।
 


Related

TWITTER

FACEBOOK