ADR পৰীক্ষাৰ্থীয়ে উভতাই পাব পৰীক্ষাৰ OMR শ্বীট। কিন্ত কেনেকৈ?

DY365
DY365
Published: September 22,2024 05:30 PM
DY365

Story highlights

ADR পৰীক্ষাৰ্থীয়ে উভতাই পাব পৰীক্ষাৰ OMR শ্বীট। কিন্ত কেনেকৈ?

২২ ছেপ্তেম্বৰ,২০২৪-   ADR পৰীক্ষাৰ্থীয়ে উভতাই পাব পৰীক্ষাৰ OMR শ্বীট। কিন্ত কেনেকৈ?



আপুনিও দিছিলে নেকি ADR পৰীক্ষা? কাৰণ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সন্দৰ্ভত সামাজিক মাধ্যমযোগে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মাই। ৫০ টকা মাচুল দিলেই এতিয়া আপুনি তৃতীয় বৰ্গৰ পৰীক্ষাৰ OMR শ্বীটৰ ফটো কপি সংগ্ৰহ কৰিব পাৰিব।এই OMR শ্বীটৰ জৰিয়তে প্ৰাৰ্থীয়ে ঘৰতে উত্তৰবোৰ বিচাৰি ল’ব পাৰিব। কাৰ, ক’ত, কি ভুল - শুদ্ধ হৈছে সকলো চাব পাৰিব। দুই- এদিনৰ ভিতৰতে ছেবাই ৰাজহুৱা কৰিব লগা বিজ্ঞাপনত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ব-এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই শৰ্মাৰ। 
আনহাতে পৰীক্ষাৰ্থীৰ যদি উল্লেখিত প্ৰক্ৰিয়াসমূহতো আঁসোৱাহ থাকে তেন্তে RTI কৰি চাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৱশ্যে RTI প্ৰক্ৰিয়াৰ বাবে ৫০০ টকা মাচুল দিব লাগিব। যদিহে আপুনি বিচৰা প্ৰশ্নৰ উত্তৰটো শুদ্ধ হয় নাইবা ছেবাৰ ভুল হয় তেন্তে সেই মাচুল আপুনি ছেবাৰ পৰা ঘূৰাই পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।


Related

TWITTER

FACEBOOK