গাঁতৰ পানীত উদ্ধাৰ হ'ল ৰাইজৰ আধাৰ কাৰ্ড

DY365
DY365
Published: September 16,2024 05:23 PM
DY365

Story highlights

ৰাইজৰ সন্দেহ পানীত ডুব গৈছে আৰু শ শ আধাৰ কাৰ্ড

ছেপ্টেম্বৰ ১৬,২০২৪: বঙাইগাঁও জিলাৰ উডুবী গাঁও পঞ্চায়তৰ অন্তৰ্গত সুঁতিৰমুখ গাঁৱত নিশা হঠাৎ লাগে হুৱাদুৱা। গাঁওখনৰ কিছু লোকৰ আধাৰ কাৰ্ড উদ্ধাৰ হয় গাঁতৰ পানীত। ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা আধাৰ কাৰ্ডক লৈ তীব্ৰ চাঞ্চল্য। জানিব পৰা মতে গাঁওখনৰ অধিকাংশ লোকে আধাৰ কাৰ্ড বনাইছে যদিও আজিলৈ লাভ কৰা নাই আধাৰ কাৰ্ডসমূহ।



আধাৰ কাৰ্ড বিচাৰি ডাকঘৰলৈ গৈ গৈ ভাগৰি পৰিছে গাঁওবাসী। আধাৰ কাৰ্ড লাভ নকৰাত বহু লোকে ইতিমধ্যে হেৰুৱাইছে ৰেচন কাৰ্ডো। হঠাৎ গাঁওখনৰ এডোখৰ বাহনিৰ তলৰ গাতত, পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় কিছু লোকৰ আধাৰ কাৰ্ড। ৰাইজৰ সন্দেহ কিছু আধাৰ কাৰ্ড উদ্ধাৰ হৈছে যদিও পানীত ডুব গৈছে আৰু শ শ আধাৰ কাৰ্ড।



কোনে কি কাৰণত নষ্ট কৰিলে আধাৰ কাৰ্ড এয়াও ৰহস্যৰ আৱৰ্তত। অভিযোগ অনুসৰি গাওঁখনৰ প্ৰাক্তন পঞ্চায়ত সদস্যই আধাৰ কাৰ্ডসমূহ পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে গাঁওবাসীয়ে আৰক্ষীৰ কাষ চাপিছে । আৰক্ষীৰ তদন্ততহে ওলাই পৰিব আচল ৰহস্য। ৰাইজৰ দাবী প্ৰশাসনৰ লগতে আৰক্ষীয়ে এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।


Related

TWITTER

FACEBOOK