২৯ জানুৱাৰী ২০২৫- অসমৰ এখন স্বচ্ছ আৰু সুন্দৰ গাঁও
এজাক সুন্দৰ মনৰ মানুহৰ প্ৰচেষ্টাত জিলিকি উঠিছে অসমৰ এখন বিশেষ গাঁও ৷ বিগত তিনিমাহ ধৰি গাঁওখনক স্বচ্ছ আৰু সুন্দৰ গাঁও হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত লৈছে গাঁওৰ ৰাইজে ৷ এই বিশেষ গাঁওখনৰ নাম হৈছে মৰাণৰ দিখাৰী গাঁও ৷ গাঁওখনৰ মূল পথৰ লগতে প্ৰতিটো উপপথ চাফ চিকুণ কৰি ৰখাৰ উপৰিও পথৰ দুয়োকাষ নানাৰঙী ফুলেৰে সজাই তুলিছে গাঁওবাসীয়ে ৷ তদুপৰি নিৰ্দিষ্ট দূৰত্বত ৰখা হৈছে বাঁহেৰে প্ৰস্তুত কৰা ডাষ্টবিন ৷ পথৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ফুলৰ উপৰিও পেলনীয়া টায়াৰৰ পৰা চৰাই, ভেঁকুলী আদি নিৰ্মাণ কৰি সজাই তোলা হৈছে পথৰ দুয়োকাষে ৷ প্ৰথমতে গাঁৱৰ দুগৰাকীমান যুৱকে এই প্ৰচেষ্টা হাতত লৈছিল যদিও বৰ্তমান গাঁৱৰ সকলো পুৰুষ, মহিলা, শিশুৱে যুৱককেইজনৰ এই প্ৰচেষ্টাত সহযোগ কৰিছে ৷ নিজৰ গাঁওখন স্বচ্চ আৰু সুন্দৰ কৰি ৰাখিবলৈ এতিয়া সজাগ আৰু সচেতন প্ৰতিজন গাওঁবাসী ৷ প্ৰতি দেওবাৰ আৰু বন্ধৰ দিনটোত এনেদৰেই গাঁওখনৰ প্ৰতিটো পথ চাফ-চিকুণ কৰিবলৈ ওলাই আহে গাঁৱৰ সকলো লোক ৷ দিখাৰী গাঁওবাসীৰ প্ৰচেষ্টাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷