যুজবেন্দ্ৰ চাহালে দখল কৰিলে প্ৰথমটো উইকেট, পত্নী ধনশ্ৰী বাৰ্মাই টুকিলে চকুপানী

DY365
DY365
Published: April 19,2021 10:54 AM
DY365

Story highlights

যুজবেন্দ্ৰ চাহালে দখল কৰিলে প্ৰথমটো উইকেট, পত্নী ধনশ্ৰী বাৰ্মাই টুকিলে চকুপানী

১৯ এপ্ৰিল ২০২১ঃ স্বামী যুজবেন্দ্ৰ চাহালে তেওঁৰ প্ৰথম টো উইকেট লোৱাৰ সময়ত পত্নী ধনশ্ৰী বাৰ্মাৰ চকুপানী ওলাইছিল, ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰচিবিৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে খেলখনত ছিজনৰ প্ৰথমটো উইকেট লৈছিল। যাৰ পিছত তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মা আৱেগিক হৈ পৰিছিল।  চাহালে এই ছিজনত তিনিখন খেলৰ পিছত প্ৰথম উইকেট দখল কৰিছিল। স্বামীয়ে উইকেট দখল কৰাৰ পিছত ষ্টেডিয়ামত থকা ধনশ্ৰীয়ে তাইৰ চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।



ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) চতুৰ্দশ ছিজনৰ দশম খন খেল বিভিন্ন ধৰণে বিশেষ আছিল। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে (আৰচিবি) এই ছিজনত জয়ৰ হেট্ৰিক অৰ্জন কৰাৰ বিপৰীতে আৰচিবিৰ স্পিনাৰ যুজবেন্দ্ৰ চাহালে মেচখনত ছিজনৰ প্ৰথমটো উইকেট দখল কৰে। চাহালে কেকেআৰৰ বিৰুদ্ধে খেলখনত ৪ অভাৰত ৩৪ ৰাণত ২ টা উইকেট দখল কৰিছিল। এই খেলখনত তেওঁ অপেনাৰ নীতিশ ৰাণা আৰু দলৰ প্ৰাক্তন অধিনায়ক বেটছমেন দিনেশ কাৰ্তিকক পেভিলিয়নলৈ প্ৰেৰণ কৰে। বাংগালোৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলৰ ৪৯ টা বলত ৯টা চাৰি আৰু তিনিটা ছয়েৰে ৭৮ ৰাণৰ ইনিংছ আৰু ৩৪ টা বলত ৯টা চাৰি আৰু তিনিটা ছয়েৰে ডি ভিলিয়ৰ্ছৰ অপৰাজিত ৭৬ ৰাণৰ সহায়ত ২০ অভাৰত চাৰি উইকেটত ২০৪ ৰাণ সংগ্ৰহ কৰে।



লক্ষ্যৰ অনুসৰন কৰি কলকাতাই ২০ অভাৰত আঠ উইকেটত ১৬৬ ৰাণ সংগ্ৰহ কৰে। ডি ভিলিয়ৰ্ছক তেওঁৰ ইনিংছৰ বাবে প্লেয়াৰ অফ দ্য মেচ হিচাপে মনোনীত কৰা হৈছিল। ইয়াৰ লগে লগে বিৰাট কোহলীৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে আই পি এল ২০২১ ত জয়ৰ হেট্ৰিক সম্পূৰ্ণ কৰে৷ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰে৷




 


Related

TWITTER

FACEBOOK