বতাহতো বিয়পে কোভিড19ৰ ভাইৰাছ

DY365
DY365
Published: April 17,2021 05:45 PM
DY365

Story highlights

বতাহত বিয়পি কোভিড19ৰ ভাইৰাছে পৰিস্থিতি জটিল কৰিছে। বিশেষজ্ঞৰ দলটোৱে তেওঁলোকৰ দাবীৰ সপক্ষে ১০টা প্ৰমাণো তুলি ধৰিছে।

১৭ এপ্ৰিল, ২০২১: বতাহতো বিয়পে কোভিড19ৰ ভাইৰাছ। চাঞ্চল্যকৰ দাবী ব্ৰিটেইন, আমেৰিকা আৰু কানাডাৰ এদল বিশেষজ্ঞৰ। কোভিড19ৰ ভাইৰাছটোৰ নাম হৈছে SARS-CoV-2। মূলতঃ বতাহত বিয়পি কোভিড19ৰ ভাইৰাছে পৰিস্থিতি জটিল কৰিছে। বিশেষজ্ঞৰ দলটোৱে তেওঁলোকৰ দাবীৰ সপক্ষে ১০টা প্ৰমাণো তুলি ধৰিছে। প্ৰথম প্ৰমাণ, SARS-CoV-2 বতাহত উপঙি থকা অৱস্থাত ধৰা পৰিছে। ভাইৰাছটো আধামৰা হৈ ৩ ঘণ্টালৈকে বতাহত সক্ৰিয় হৈ থাকে। কোভিড19 ৰোগী থকা কোঠালিৰ বতাহত ভাইৰাছটো উপঙি থাকে। অৱশ্যে বিল্ডিং, হোটেল, হাস্পতালৰ ভিতৰৰ আবদ্ধ বতাহতহে ইয়াক পোৱা গৈছে। কোনো এপাৰ্টমেণ্টৰ বাসিন্দা কোভিড19ত যদি আক্ৰান্ত হয়। তেন্তে সেই এপাৰ্টমেণ্টৰ ভিতৰত বতাহত বিয়পিব পাৰে SARS-CoV-2। বিশেষজ্ঞসকলে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা ল’বলৈ আহ্বান কৰিছে।


Related

TWITTER

FACEBOOK