‘মাস্ক নিপিন্ধো, জৰিমনাও নিদিও, মন গ’লে ইয়াতেই চুমা খাম মই’

DY365
DY365
Published: April 19,2021 02:45 PM
DY365

Story highlights

‘মাস্ক নিপিন্ধো, জৰিমনাও নিদিও, মন গ’লে ইয়াতেই চুমা খাম মই’

১৯ এপ্ৰিল ২০২০ঃ দুই গজ দূৰত্ব, মাস্ক পিন্ধাটো সকলোৰে বাবে জৰুৰী। দেশত এতিয়া অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে কাল কৰোনাই। দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে চৰকাৰ, আৰক্ষী তথা প্ৰশাসন। মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কৰিছে বাধ্যতামূলক। মাস্ক নিপিন্ধা সকলক জৰিমনা বিহিছে আৰক্ষীয়ে। তেনে সময়তে এক দৃশ্যই এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে এটা দম্পতীয়ে। ৰাজধানী দিল্লীৰ ঘটনা এয়া। নতুন দিল্লীত কৰোনা আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাত তত্‍পৰ হৈ পৰে আৰক্ষী। পিছে আৰক্ষীৰ এই কঠোৰ ব্যৱস্থাক লৈ ক্ষুণ্ণ হৈ পৰে দম্পতীটো। মাস্ক পৰিধান নকৰাৰ বাবে দম্পতীটোক ৰখাইছিল আৰক্ষীয়ে। ইয়াৰ লগে লগেই ক্ষুব্ধ হৈ পৰে মহিলাগৰাকী আৰু স্বামী। কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে দম্পতীটোৱে।




Related

TWITTER

FACEBOOK